চিৰাং, 7 ছেপ্টেম্বৰ :30 অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক আপোনাৰ নিশ্চয় মনত আছে ৷ গুৱাহাটী, বৰপেটাৰোড আদিত ভয়ংকৰ বিস্ফোৰণেৰে নৰমেধ যজ্ঞ পাতিছিল এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ জালত বন্ধী হোৱা ৰঞ্জন দৈমাৰীৰ ঠিকনা হৈ পৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ ৷ কিন্তু অচিৰেই ৰঞ্জন দৈমাৰীৰ ঠিকনা সলনি হ’ব ৷
লগতে পঢ়ক :বক্সাৰ যমুনা বড়োৰ নতুন পৰিচয়...
বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা এন ডি এফ বিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ ঠিকনা জেলৰ সলনি শীঘ্ৰেই হ’ব কাজলগাঁওৰ বড়োলেণ্ড গেষ্ট হাউছ । যাৰ বাবে চিৰাং জিলা সদৰ কাজলগাঁও স্থিত বড়োলেণ্ড গেষ্ট হাউছত দিনে নিশাই চলিছে কাম । এইটো গেষ্ট হাউছ কাৰ্যালয় হিচাবে ব্যৱহাৰ কৰিছিল জিলাখনৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্ম আৰু চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে । কিন্তু শেষতীয়াকৈ গেষ্ট হাউছটো মিনি জেললৈ ৰূপান্তৰ কৰাৰ বাবে দিনে নিশাই চলিছে কাম ।
লগতে পঢ়ক :ULFA(I) ত যোগ দিয়া চৰাইদেউৰ মেধাবী যুৱক অৰুনাভ জীৱিত নে মৃত ?
অসম চৰকাৰে বিশেষ ব্যৱস্থাৰে এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিটিআৰ চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক জেলৰ সলনি এইটো গেষ্ট হাউছলৈ এক ঘৰুৱা পৰিৱেশত অনাৰ প্ৰচেষ্টা চলোৱা বুলি ইতিমধ্যে চিৰাঙৰ অভিভাৱক মন্ত্ৰী ইউ জি ব্ৰহ্মই জনাইছে ।