চিৰাঙৰ ভূটান সীমান্তত ৰাইজে নিৰ্মাণ কৰিছে নৈ বান্ধ চিৰাং, 17 জুলাই : চৰকাৰৰ আশা এৰি ৰাইজ ওলাল নৈৰ বান্ধ নিৰ্মাণৰ বাবে । ৰাইজে নখ জোকাৰিলে নৈ বয়, এই কথাষাৰৰ সত্যতা প্ৰমাণিত কৰি আজি চৰকাৰ প্ৰশাসনে নকৰা কাম হাতত ল’লে ৰাইজে ৷ চিৰাঙৰ ভূটান সীমান্তৰ পাঁচ সহশ্ৰাধিক লোক হাতে কামে লাগিল ভূটানৰ ৩ কি:মি:ভিতৰত । এয়া ভূটানৰ সৰভাং জিলাৰ উমলিং অঞ্চলৰ দৃশ্যে ৷
চিৰাঙৰ ভূটান সীমান্তত ৰাইজে নিৰ্মাণ কৰিছে নৈ বান্ধ চিৰাঙৰ পৰা ৫ সহস্ৰাধিক লোক তিনি কিলোমিটাৰ খোজকাঢ়ি গৈ লালাই নৈৰ বান্ধ নিৰ্মাণৰ কাম কৰিছে । বিগত ১২ জুলাই তাৰিখে লালাই নৈৰ বান্ধ ছিগি চিৰাঙৰ ভূটান সীমান্তৰ ১০ খন গাঁৱৰ ব্যাপক ক্ষতি হৈছিল বানত । যাৰ বাবে এতিয়া চৰকাৰৰ আশা বাদ দি সোমবাৰে ৩০ খন গাঁৱৰ ৫ সহস্ৰাধিক লোক ওলাই আহি এইদৰে কামত লাগিছে লালাই নৈৰ বান্ধ নিৰ্মাণৰ ৷
চিৰাঙৰ ভূটান সীমান্তত ৰাইজে নিৰ্মাণ কৰিছে নৈ বান্ধ লালাই নৈৰ বান্ধ নিৰ্মাণৰ কাম চলিছে ভূটানৰ উমলিঙত । ৰাজনীতিৰ উৰ্ধত গৈ সকলো দল-সংগঠন তথা জাতি ধৰ্মৰ লোকে একত্ৰিত হৈ এইদৰে নৈৰ বান প্ৰতিৰোধ কৰিবলৈ বান্ধ নিৰ্মাণৰ কাম কৰিছে সোমবাৰৰ পুৱাৰে পৰা । স্থানীয় ৰাইজে অভিযোগ কৰিছে যে বিপিএফ বা ইউপিপিএল দুয়োটা দলেই বিটিচিত চৰকাৰ গঠন কৰিলে যদিও ভূটান সীমান্তৰ এইসকল লোকক বানৰ পৰা ৰক্ষা কৰাৰ বাবে কোনো কাম কিন্তু নকৰিলে ৷ ফলত ৰাইজে নিজেই কাম কৰিব লগীয়া হৈছে ।
চিৰাঙৰ ভূটান সীমান্তত ৰাইজে নিৰ্মাণ কৰিছে নৈ বান্ধ বিগত ২০১৬ চনতো এবাৰ এই বান্ধ নিৰ্মাণৰ কাম কৰিবলগীয়া হৈছিল ৰাইজে । এইবাৰ আকৌ এইদৰে ৰাইজে বান্ধ নিৰ্মাণৰ কাম কৰিছে ভূটানৰ লালাই নৈৰ । এই লালাই নৈৰ বান্ধ ছিগি চিৰাঙৰ মালিভিটাকে আদি কৰি দহখন গাঁৱত ব্যাপক ক্ষতি কৰিছিল বানে ।
লগতে পঢ়ক :Chirang flood update: চিৰাঙত বানাক্ৰান্ত ৰাইজৰ বিলৈ