অসম

assam

ETV Bharat / state

Demanding of community recognition: জনগোষ্ঠীয় স্বীকৃতিৰ দাবীত চাওতাল ছাত্ৰ সন্থাৰ অভিনৱ প্ৰতিবাদ

ৰাজ্যৰ চাউতাল সকলৰ নিজা জনগোষ্ঠীয় পৰিচয় থকাৰ পিছতো চৰকাৰে চাহ জনগোষ্ঠীৰ লোক হিচাপে উল্লেখ কৰি অহা কাৰ্যৰ বিৰোধিতা কৰি চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰিলে চাওতাল জনগোষ্ঠীয় লোকসকলে (Santal Student Union demanding community recognition of Santal) ৷ নিজস্ব ভাষা আৰু জনগোষ্ঠীয় স্বীকৃতিৰ দাবীত পথাৰত ভূঁই ৰুই প্ৰতিবাদ চাওতাল ছাত্ৰ সন্থাৰ ৷

By

Published : Jul 15, 2022, 8:34 AM IST

নিজস্ব ভাষা আৰু স্বীকৃতিৰ দাবীত পথাৰত ভূঁই ৰুই প্ৰতিবাদ চাওতাল ছাত্ৰ সন্থাৰ
নিজস্ব ভাষা আৰু স্বীকৃতিৰ দাবীত পথাৰত ভূঁই ৰুই প্ৰতিবাদ চাওতাল ছাত্ৰ সন্থাৰ

চিৰাং, 15 জুলাই :চাউতালসকল কেতিয়াও চাহ জনগোষ্ঠীৰ লোক নাছিলে আৰু ভৱিষত্যেও হ’ব নোৱাৰে ৷ চাওতালসকলক চাওতাল হিচাপে জীয়াই থাকিবলৈ দিয়ক ৷ অসমৰ ভূমিপুত্ৰ চাওতালসকলক ৰাজ্য চৰকাৰে আজি পৰ্যন্ত চাওতাল হিচাপে নিজা পৰিচয়েৰে জীয়াই থকাৰ অধিকাৰ দিয়া নাই - এই দাবী চাওতাল ছাত্ৰ সন্থাৰ ৷

ৰাজ্যৰ চাউতাল সকলৰ নিজা জনগোষ্ঠীয় পৰিচয় থকাৰ পিছতো চৰকাৰে চাহ জনগোষ্ঠীৰ লোক হিচাপে বাউল্লেখ কৰি অহা কাৰ্যৰ বিৰোধিতা কৰি চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰিলে চাওতাল জনগোষ্ঠীয় লোকসকলে (Protests by Santal Student Union demanding community recognition) ৷

বৃহস্পতিবাৰে চিৰাঙৰ জাউলীয়া বাৰীৰ বীৰগাঁৱত পথাৰত ভূঁই ৰুই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ চাউতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিয়ে ৷ চাউতাল সকলক জনজাতিকৰণ আৰু ভূমিপট্টা প্ৰদানৰ দাবী জনাই চাউতাল ছাত্ৰ সন্থাই এইদৰে কৰিলে প্ৰতিবাদ (Demanding of community recognition) ৷

নিজস্ব ভাষা আৰু স্বীকৃতিৰ দাবীত পথাৰত ভূঁই ৰুই প্ৰতিবাদ চাওতাল ছাত্ৰ সন্থাৰ

ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰিমান চোৰেনে কয় যে চাউতালসকল অসমৰ ভূমিপুত্ৰ আৰু এটা প্ৰাচীন জনগোষ্ঠী ৷ কিন্ত চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে এই জনগোষ্ঠীটোক নিঃশেষ কৰিব বিচাৰিছে ৷ ভাৰতৰ প্ৰতিখন ৰাজ্যত চাওতালসকলে সুকীয়া জনজাতিকৰণ লাভ কৰাৰ বিপৰীতে অসমত আজি পৰ্যন্ত স্বীকৃতি নাপালে চাওতালসকলে ৷

আগন্তুক দিনত চৰকাৰে চাওতালসকলক চাহ জনগোষ্ঠীৰ পৰিচয়েৰে পুনৰ আভুৱা ভাৰিবলৈ চেষ্টা কৰিলে প্ৰয়োজনত দেশৰ ৰাজধানী দিল্লীত গৈ তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি সকিয়নি দিয়ে নেতাগৰাকীয়ে ৷

লগতে কয় যে চাউতাল জনগোষ্ঠীৰ একাংশই চাহ বাগিছাত কাম কৰে বাবেই যদি চাহ জনগোষ্ঠীৰ লোক বুলি গন্য কৰিছে তেন্তে আজি সেয়া ভুল কৰিছে ৷ সেয়েহে আজি আমি পথাৰত ভূঁই ৰুইছো; এতিয়া আমাক চৰকাৰে ভূঁইৰোৱা জনগোষ্ঠী বুলি উল্লেখ কৰিব নেকি ! এইদৰে উল্লেখ কৰি চৰকাৰক প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে ৷

ইয়াৰ সমান্তৰালকে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ চৰকাৰে এগৰাকী চাউতাল জনগোষ্ঠীৰ মহিলাক দেশৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰা কাৰ্যক আদৰণি জনায় প্ৰতিবাদকাৰী সকলে কয় যে, চাউতাল জনগোষ্ঠীৰ শিক্ষা, জনজাতিকৰণ, জনগোষ্ঠীয় পৰিচয় প্ৰদানৰ বিষয়তো চৰকাৰে গুৰুত্ব সহকাৰে লওক ৷

লগতে পঢ়ক:Forest Conservation Rules 2022 : ঔদ্যেগিকৰণৰ নতুন নীতিয়ে ভাবুকি আনিছে জনগোষ্ঠীয় জীৱনলৈ

ABOUT THE AUTHOR

...view details