অসম

assam

ETV Bharat / state

ডিটেনচন কেম্পত বন্দী হৈ থকা অমলা দাসৰ মুক্তিৰ দাবীত প্ৰতিবাদ - undefined

১ বছৰ ৯ মাহ ধৰি ডিটেনচন কেম্পত আৱদ্ধ হৈ আছে অমলা দাস ৷ অমলা দাসৰ মক্তিৰ শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ৷

Protest demanding release of Amala Das who was in detention camp
অমলা দাসৰ মুক্তিৰ দাবীত প্ৰতিবাদ

By

Published : Dec 18, 2020, 2:32 PM IST

চিৰাং, 18 ডিচেম্বৰ : চিৰাঙৰ বিজনীৰ ডিটেনচন কেম্পত বন্দী হৈ থকা অমলা দাসৰ মুক্তিৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত কৰে বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ৷ উল্লেখ্য যে, চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বামুনীঝোৰা গাঁৱৰ গোপেশ দাস নামৰ এজন বৃদ্ধ বৃহস্পতিবাৰে মৃত্যু হয় ।

অমলা দাসৰ মুক্তিৰ দাবীত প্ৰতিবাদ

স্থানীয় লোকে সদৰি কৰা মতে, এই বৃদ্ধজনৰ পত্নী অমলা দাস যোৱা ১ বছৰ ৯ মাহ ধৰি আৱদ্ধ হৈ কোকৰাঝাৰ ডিটেনচন কেম্পত ৷ বৃদ্ধব্যক্তিজনে যোৱা ১ বছৰ ৯ মাহ ধৰি তেওঁৰ পত্নীক ডিটেনচন কেম্পৰ পৰা জামিনত অনাৰ বাবে বহু চেষ্টা চলাইছিল যদিও জামিনত মোকলাই আনিব নোৱাৰিলে ৷

অমলা দাসৰ মুক্তিৰ দাবীত প্ৰতিবাদ

সেয়েহে পত্নী অমলা দাসৰ অপেক্ষাত থকা গোপেশ দাসৰ মৃত্যু পিচতে শুকুৰবাৰে প্ৰতিবাদেৰে ক্ষোভ প্ৰকাশ কৰে বিটিআৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে ৷ অমলা দাসৰ মক্তিৰ শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে ৷

লগতে পঢ়ক : কৃষি আইন সাময়িকভাৱে স্থগিত ৰাখিবলৈ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details