চিৰাং, 10 অক্টোবৰঃ চিৰাঙৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত জনসাধাৰণৰ প্ৰতিবাদ । চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । বুধবাৰে নিশা চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত বান্দুগুৰি গাঁৱত সংঘটিত হোৱা স্প্ৰেমেন কাণ্ড আৰু মহিলাক যৌন নিৰ্যাতন চলোৱা কাণ্ডৰ প্ৰতিবাদ জনাই বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ জনায় গাঁওবাসীয়ে ৷
স্প্ৰেমেনঃ চিৰাং উপায়ুক্ত কাৰ্যালয় সন্মুখত প্ৰতিবাদ - চিদলী থানা
চিৰাঙৰ চিদলী থানাৰ অন্তৰ্গত বান্দুগুৰি গাঁৱত সংঘটিত হোৱা স্প্ৰেমেন কাণ্ড আৰু মহিলাক যৌন নিৰ্যাতন চলোৱা কাণ্ডৰ প্ৰতিবাদ জনাই বৃহস্পতিবাৰে জিলা উপায়ুক্ত কাৰ্যালয় আৰু জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ জনায় গাঁওবাসীয়ে
চিৰাং উপায়ুক্ত কাৰ্যালয় সন্মুখত প্ৰতিবাদ
উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা স্প্ৰেমেন আৰু যৌন নিৰ্যাতন সন্দৰ্ভকত হুলুস্থুলীয়া পৰিৱেশৰ সূচনা হৈছিল ৷ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথে কোনো সোপাধৰা নাই বুলি কৈ ৰাইজক ছত্ৰভংগ দিয়াবলৈ লাঠী চালনা কৰে ৷ যাৰ ফলত লাঠী চালনাত আহত হৈছিল কেইজনমান লোক । সেয়হে চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিলম্বনৰ দাবী জনায় প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ।
লগতে পঢ়কঃ চিৰাঙত স্প্ৰে-মেনৰ আতংক