অসম

assam

ETV Bharat / state

'কেব আমি নামানো' ধ্বনিৰে উত্তাল ৰাজ্য - raha cab protest

কেব নামানো ধ্বনিৰে উত্তাল ৰাজ্যৰ প্ৰতিটো প্ৰান্ত ৷ বিভিন্ন দল-সংগঠন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সাধৰণ নাগৰিক উলাই আহিছে কেবৰ বিৰুদ্ধে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

cab
'কেব আমি নামানো' ধ্বনিৰে উত্তাল ৰাজ্য

By

Published : Dec 11, 2019, 6:54 PM IST

বঙাইগাঁও, 11 ডিচেম্বৰঃ বঙাইগাঁৱত আছু কৰ্মীক আক্ৰমণ কৰা সম্ৰাট ভাৱেলক গ্ৰেপ্তাৰ কৰা কিছু সময় পাচতে আৰক্ষীয়ে নাটকীয়ভাৱে এৰি দিয়ে সম্ৰাট ভাৱেলক ৷ তাৰ পাচতে বঙাইগাঁও চহৰত হাজাৰ হাজাৰ বঙালী লোকে সমদল উলিয়াই সম্ৰাট ভাৱেলক আদৰণি জনাই ৷

জিলাখনত প্ৰশাসনে ১৪৪ ধাৰা জাৰী কৰাৰ পাচতো কিদৰে এজন অপৰাধীক মালা পিন্ধাই সমদল বাহিৰ কৰিব পাৰে বুলি প্ৰশ্ন উত্থাপন কৰে স্থানীয় সচেতন নাগৰিকে ৷

বঙাইগাঁৱত সম্ৰাট ভাৱেলক আদৰণি


আনহাতে, বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়তো কেব বিৰোধী প্ৰতিবাদ সাব্যস্ত বিভিন্ন দল-সংগঠনৰ ৷ আছু, কৃষক মুক্তি, অসম যুৱ ছাত্ৰ পৰিষদ, আক্ৰাছু, শিল্পী সমাজকে ধৰি সংগঠনসমূহে উপায়ুক্তৰ কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে ।

বঙাইগাঁৱত কেব বিৰোধী প্ৰতিবাদ


বাক্সা, 11 ডিচেম্বৰঃ : বাক্সাৰ তামুলপুৰত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ ৷ তামুলপুৰ আঞ্চলিক আছুৰ কাৰ্যালয়ৰ পৰা ১২৭ নং ডি ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ হৈ হৰিমন্দিৰ প্ৰাঙ্গনৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথটোৰ মাজত প্ৰতিকৃতি দাহ কৰে ৷

বাক্সাত কেব বিৰোধী প্ৰতিবাদ

যোৰহাট, 11 ডিচেম্বৰঃ যোৰহাটৰ ৰাজপথত হাজাৰ হাজাৰ নাগৰিক । কেবৰ বিৰুদ্ধে পৰম্পৰাগত পোচাকত কবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ প্ৰতিবাদকাৰীয়ে ৷

যোৰহাটত পৰম্পৰাগত সাজ পিন্ধি প্ৰতিবাদ


ৰহা, 11 ডিচম্বৰঃ প্ৰতিবাদত উত্তাল ৰহা ৷ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ , বিধায়কৰ বাসগৃহ ঘেৰা কৰি প্ৰতবাদ সাব্যস্ত প্ৰতিবাদকাৰীৰ ৷ ৩৭ নং ৰাষ্ট্ৰীয় পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে আছু, এজেৱাইচিপি, তিৱা সংগঠন, মহিলা সংগঠন, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ নাগৰিকে ৷

ৰহাত কেব বিৰোধী প্ৰতিবাদ

ABOUT THE AUTHOR

...view details