নিউজ ডেক্স, 28 ছেপ্তেম্বৰ: এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভূক্তিৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে গোৰ্খা আৰু বঙালী ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ শনিবাৰ প্ৰতীক হাজেলা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ'ল ডিফু চহৰ ৷ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ উদ্যোগত চহৰখনত ৰূপায়ন কৰা হয় ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৷ প্ৰতিবাদকাৰী সকলে চূড়ান্ত এন আৰ চি তালিকাত অন্তৰ্ভূক্ত নোহোৱা গোৰ্খা সকল কোনো কাৰণত বিদেশী ন্যায়াধীকৰণলৈ নাযায় বুলি স্পষ্ট কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত গোৰ্খা সকলক বিনাচৰ্তে অন্তৰ্ভূক্ত কৰিবলৈ এন আৰ চি কতৃপক্ষক দাবী জনাই উপায়ুক্ত মুকুল শইকীয়াৰ জৰিয়তে গৃহমন্ত্ৰী অমিত শ্বাহলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ ইফালে একেই দাবীৰে গোৱালপাৰাতো যৌথ প্ৰতিবাদ সাব্যস্ত কৰে গোৰ্খা ছাত্ৰ সন্থা, গোৰ্খা সন্মিলন আৰু গোৰ্খা মহিলা সমিতিয়ে ৷ সংগঠনকেইটাৰ উদ্যোগত প্ৰায় 5 শতাধিক প্ৰতিবাদকাৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰাৰ উপৰিও জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ ইফালে এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা প্ৰায় 1 লাখ গোৰ্খা লোকৰ নাম বাদ পৰাক কেন্দ্ৰ কৰি শুকুৰবাৰে মহানগৰীৰ চচলত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বহু গোৰ্খা সম্প্ৰদায়ৰ লোকে ৷ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে কয় যে, গোৰ্খা সকলৰ পূৰ্ব পুৰুষ অসমত বাস কৰা, গোৰ্খা সকলৰ ঔপনিবেশিক যুগৰ পৰা অসমৰ মাটি-বায়ুৰ সৈতে সম্পৰ্ক আছে, তেনেস্থলত এন আৰ চিৰ তালিকাৰ পৰা গোৰ্খাসকলৰ নাম কৰ্তনৰ কাৰ্য কোনো কাৰণত গ্ৰহণ যোগ্য হ'ব নোৱাৰে ৷
ৰাজ্যজুৰি গোৰ্খা-বঙালী ছাত্ৰ সন্থাৰ প্ৰতিবাদ - Assam NRC
অতি শীঘ্ৰে বিনাৰ্চতে এন আৰ চিত নাম অন্তৰ্ভূক্তিৰ দাবী ৷
ইফালে ৰাজ্যত বঙালী যুৱ-ছাত্ৰ পৰিষদ আৰু বঙালী সুৰক্ষা সমিতিয়েও অব্যাহত ৰাখিছে এন আৰ চিৰ পৰা নাম কৰ্তনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ "হিন্দুস্থানত হিন্দুই যদি বিদেশী স্বদেশী কোন?" শ্লগানেৰে জিলা সদৰ কাজলগাঁও উত্তপ্ত কৰি তোলে সদৌ অসম বঙালী সুৰক্ষা সমিতিয়ে ৷ প্ৰতিবাদী কাৰ্যসূচীত ইউ পি পি এল দলৰ সাধাৰন সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়েও অংশগ্ৰহন কৰে ৷ আনহাতে, কোকৰাঝাৰতো এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰাৰ প্ৰতিবাদত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে দুঘন্টীয়া অৱস্থান-ধৰ্মঘট কাৰ্যসূচী ৷ লগতে প্ৰতিবাদকাৰীসকলে কোনো কাৰণতে বঙালীসকলক বিদেশী সজোৱা কাৰ্য সহ্য কৰা নহ'ব বুলি প্ৰতিবাদকাৰী সকলে স্পষ্ট কৰে ৷