অসম

assam

ETV Bharat / state

Protest against delimitation:সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে ৯ টাকৈ বড়ো জাতীয় সংগঠনৰ ধৰ্ণা কাৰ্যসূচী - তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ

সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ চিৰাঙৰ কাজলগাঁৱত সদৌ বড়ো প্ৰাক্তন ভলণ্টিয়াৰ্চ ফ’ৰ্চ আৰু সদৌ বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চৰ আহ্বানত ৯ টাকৈ বড়ো জাতীয় সংগঠনৰ সহযোগত তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ।

bodo organisations
সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা

By

Published : Jul 11, 2023, 9:46 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা

চিৰাং, 11 জুলাই :ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচি অনুসৰি বিটিচিৰ ওদালগুৰী লোকসভা সমষ্টি গঠন কৰি অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত কৰাৰ দাবীৰে মঙলবাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত সদৌ বড়ো প্ৰাক্তন ভলেণ্টিয়াৰ্চ ফ’ৰ্চ আৰু সদৌ বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চৰ আহ্বানত ৯ টাকৈ বড়ো জাতীয় সংগঠনৰ সহযোগত তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৩০ অনুসৰি বিটিচি ষষ্ঠ অনুসূচিত জনজাতিৰ বাবে অসমৰ ১৫ টা বিধানসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ কৰা, ভাৰতৰ সংবিধান অনুচ্ছেদ ৩৩০ আৰু ৩৩২ অনুসৰি অসমত বিধানসভা আৰু লোকসভা সমষ্টি অধিসূচীত জনজাতীয় অঞ্চলত অনুসূচিত জনজাতিৰ আসন সংৰক্ষিত কৰাৰ দাবী লৈ সদৌ বড়ো প্ৰাক্তন ভলণ্টিয়াৰ্চ ফ’ৰ্চ আৰু সদৌ বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চৰ আহ্বানত ৯ টাকৈ বড়ো জাতীয় সংগঠনে তিনিঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

ইয়াৰে বনছু, বড়ো প্ৰাক্তন ভলন্টিয়াৰ ফ’ৰ্চ, বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চ, বড়োলেণ্ড জনজাতী সুৰক্ষা মঞ্চ, সৰ্ব ভাৰতীয় বড়ো জাতীয় লিগ, বড়ো ৰাইটাৰচ একাডেমি, অসম জনজাতীয় ঐক্যমঞ্চ, বড়ো নাগৰিক মঞ্চ, বড়ো গাঁওবুঢ়া সন্থাকে আদি কৰি আন কেবাটাও দল সংগঠনে এই প্ৰতিবাদী তিনিঘন্টীয়া ধৰ্ণাৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ স্মাৰক প্ৰেৰণ কৰে । বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি অমৰ সিং ব্ৰহ্মই কয়, "আমাক ওদালগুৰি লোকসভা সমষ্টি লাগিবই অন্যথা আমি যৌথভাৱে আন্দোলন কৰাৰ লগতে দেশৰ উচ্চতম ন্যায়ালয়ৰ ওচৰতো যাবলৈ বাধ্য হম । ষষ্ঠ অনুসুচি অনুসৰি এয়া আমাৰ প্ৰাপ্য । গতিকে ষষ্ঠ অনুসুচি অনুসৰি আমাক আমাৰ প্ৰাপ্য দিয়ক নিৰ্বাচন আয়োগে" ।

প্ৰাক্তন বড়ো ভলেন্টিয়াৰ ফ'ৰ্চৰ সভাপতি দলিন বসুমতাৰী য়ে কয় যে ষষ্ঠ অনুসূচিৰ অধীনত বিটিচি গঠনৰ পিচত এয়া প্ৰথম সমষ্টি পুনৰ গঠন লাভ কৰিছে তেওঁলোকে ৷ গতিকে এই সুবিধা তেওঁলোকে যিকোনো কাৰণত এৰিব নোৱাৰে । বিটিচিৰ ১৫ টা বিধান সভা সমষ্টি জনজাতীৰ বাবে সংৰক্ষিত কৰাৰ লগতে দুটা লোকসভা সমষ্টি আমাক লাগিবই বুলি দাবী উত্থাপন কৰে । এই তিনিঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন দল সংগঠনৰ দুই শতাধিক লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Constituency Delimitation: কেইবাটাও সমষ্টিৰ নাম সলনি কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ; দৰং হ’ব ভৈৰৱকুণ্ড, গুৱাহাটী হ’ব প্ৰাগজ্যোতিষপুৰ

ABOUT THE AUTHOR

...view details