চিৰাং, 21 ফেব্ৰুৱাৰীঃ আজিৰে পৰা চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী লেছীয়াগাঁও ৰাজহুৱা খেল পথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বিটিচিৰ প্ৰধান বিৰোধী দল ইউপিপিএলৰ চতুৰ্থ বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ৷ কেন্দ্ৰীয় সমিতিৰ সকলো বিষয়ববীয়া সকলৰ লগতে আটাইকেইটা কোষৰ নেতৃত্বৰ উপস্থিতিত বিয়লি ভাগত দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মৰ পৌৰহিত্যত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা হয় কেবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ ৷
ইউপিপিএলত যোগদান নিশ্চিত এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৰ - Pramod Boro
এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে যোগদান কৰিব ইউপিপিএলত ৷ এই কথা সদৰি কৰিছে বিটিচিৰ বিৰোধী দলৰ দলপতি তথা ইউপিপিএলৰ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে ৷ ইউপিপিএলৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাৰ পূৰ্বেই যোগদান কৰিব এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে ৷
কাৰ্যনিৰ্বাহক সভাৰ অন্তত দলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে, এসপ্তাহৰ ভিতৰত দলে সমাগত বিটিচি নিৰ্বাচনৰ বাবে মূল নিৰ্বাচনী সমিতি গঠন কৰিব,নিৰ্বাচনৰ বাবে আই টি কোষ গঠন কৰাৰ লগতে উচ্চ পৰ্যায়ৰ প্ৰাৰ্থীৰ তালিকা বাছনি সমিতি,নিৰ্বাচনী ইস্তাহাৰ সমিতি গঠনত গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিব ৷
আনহাতে এই প্ৰতিনিধি সভাতে কেবাটাও জাতি-জনগোষ্ঠীৰ সংগঠনৰ লগতে বিশিষ্ট ব্যক্তিৰ নেতৃত্বত পাঁচশ নেতৃত্বই ইউপিপিএলত যোগদান কৰিব বুলি ব্যক্ত কৰিছিল ৷ বিটিচিৰ বিৰোধী দলৰ দলপতি তথা ইউপিপিএলৰ উপ সভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে জানিবলৈ দিয়ে এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে এই অধিৱেশনতে ইউপিপিএলত যোগদান কৰাৰ কথা ৷ ইউপিপিএলৰ চতুৰ্থ বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাৰ পূৰ্বেই যোগদান কৰিব এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে ৷ এতিয়া সকলোৱে অপেক্ষাৰে ৰৈ আছে সেই মুহুৰ্তটোৰ বাবে। অধিৱেশনত বিটিচিৰ চাৰিখন জিলাৰ পৰা চাৰি হেজাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছে ৷