চিৰাং, ২৩ ডিচেম্বৰ :‘‘প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ দেশতে উন্নয়ন হৈছে ৷ শান্তিও হৈছে ৷ এই মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে । জানিব পৰা মতে, শুকুৰবাৰে চিৰাঙৰ বাঙালডোবা-ৰঞ্চাইধাম ভিচিডিচিৰ অধীনৰ দাবদোমপাৰা পাক্ৰীগুৰী মুছলিমবস্থিত উপস্থিত হয় বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী ৷ সেই স্থানতে তেওঁ জলজীৱন মিছনৰ অধীনত এটা বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে ৷
সংবাদ মাধ্যমৰ আগত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে উল্লেখ কৰা অনুসৰি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোকৰাঝাৰ সংমণ্ডলৰ ২ য় খণ্ডৰ অধীনত ডেৰ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰি তোলা এই বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পটো ৷ এই খোৱাপানী যোগান প্ৰকল্পটোৰ পৰা তিনি শতাধিক পৰিয়ালে লাভ কৰিব বিশুদ্ধ খোৱাপানী । লগতে ৪০ হাজাৰ লিটাৰ পানী মজুত ৰাখিব পৰা ক্ষমতা আছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷
ইফালে যিমানেই লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই ৰাজনৈতিক দলসমূহৰ মাজত বোকা ছটিওৱা ৰাজনীতি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । বিশেষকৈ বিটিআৰত বিপিএফ আৰু ইউপিপিএলৰ মাজত এই বোকা ছটিওৱা ৰাজনীতি তুংগত উঠা দেখিবলৈ পোৱা গৈছে ।