অসম

assam

By

Published : Mar 29, 2023, 11:04 AM IST

Updated : Mar 29, 2023, 11:50 AM IST

ETV Bharat / state

Chirang UPPL 7th Annual Conference: এতিয়া বিপিএফৰ সূৰ্য ডুব গৈছে, ইউপিপিএলৰ উদয় হৈছে: প্ৰমোদ বড়ো

চিৰাঙৰ কয়লাময়লাত দিনজোৰা কাৰ্যসূচীৰে চিৰাং জিলা ইউপিপিএল দলৰ সপ্তম বাৰ্ষিক অধিবেশন সম্পন্ন । অধিবেশনত প্ৰমোদ বড়োৰ মন্তব্য, বিপিএফৰ সূৰ্য ডুব গৈছে, ইউপিপিএলৰ উদয় হৈছে । আনহাতে, লোকসভা নিৰ্বাচনত কোকৰাঝাৰ আৰু মঙলদৈ সমষ্টিত জয়লাভ কৰি দেখুৱাবলৈ হাগ্ৰামাক প্ৰত্যাহ্বান প্ৰমোদ বড়োৰ (Pramod Boro slammed Hagrama Mahilari)।

Chirang
Chirang

বিপিএফক তীব্ৰ সমালোচনা প্ৰমোদ বড়োৰ

চিৰাং, ২৯ মাৰ্চ :বিটিআৰৰ শাসকীয় দল ইউপিপিএলৰ চিৰাং জিলা সমিতিৰ সপ্তম বাৰ্ষিক অধিবেশন সম্পন্ন (UPPL Chirang District annual meeting 2023) । অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে (UPPL president Pramod Boro) । অনুষ্ঠানত উপস্থিত থাকি নিজৰ ভাষণ প্ৰসংগত প্ৰমোদ বড়োৱে বিপিএফ দল তথা হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰে (Pramod Boro slammed Hagrama Mahilari) ।

তেওঁ কয়, বিপিএফ দলে যিমানেই যি নকৰক কিয়, এতিয়া বিপিএফৰ সূৰ্য্ ডুব গৈছে (BPF chief Hagrama Mahilari) । আনহাতে, ইউপিপিএলৰ সূৰ্য উদয় হৈছে বুলি তেওঁ কয় । গতিকে ৰাইজ ইয়াত চিন্তা কৰিবলগীয়া নাই বুলি তেওঁ কয়, আমি বিপিএফ দলৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ পৰা ৰাইজক মুক্তি দিয়াৰ বাবে আহিছিলোঁ আৰু ৰাইজেও আঁকোৱালি লৈছিল । গতিকে আমি ৰাইজৰ কাম কৰি যাম । বিটিচিৰ উন্নতি কৰি যাম, সকলো জাতি-জনগোষ্ঠীৰ সম অধিকাৰ আৰু সম মৰ্যাদা প্ৰতিষ্ঠাৰে কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে, আগন্তুক সময়তো ৰাইজে ইউপিপিএলক আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰে । প্ৰমোদ বড়োৱে লগতে হাগ্ৰামা মহিলাৰীক প্ৰত্যাহ্বান জনাই কয়, দম আছে যদি কোকৰাঝাৰ লোকসভা সমষ্টি আৰু মঙলদৈ লোকসভা সমষ্টিত জয়লাভ কৰি দেখুৱাই দিয়ক । তেওঁৰ স্পষ্ট কথা, ৰাইজে কেতিয়াও নিবিচাৰে যে বিটিচিত আকৌ অৰাজক পৰিৱেশ ঘূৰি আহক। বিপিএফৰ দাদাগিৰি, অপশাসন ঘূৰি অহাটো ৰাইজে নিবিচাৰে বুলি কৈ তেওঁ কয়, ৰাইজে সদায় শান্তি বিচাৰে । ইউপিপিএল-বিজেপি-অগপৰ মিত্ৰ চৰকাৰে ৰাইজৰ বাবে যথেষ্ট কৰিছে আৰু কৰিব ।

আনহাতে, আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰমোদ বড়োৱে কয় যে মিত্ৰ দলসমূহে মিলিত হৈ আলোচনাৰ মাধ্যমত আসন বুজাবুজি কৰিব । তেওঁ লগতে কয় যে ইউপিপিএলে কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টি দুটা বিচাৰিব যদিও আলোচনাৰ মাধ্যমেৰে সেয়া হ'ব । আনহাতে, হাগ্ৰামা মহিলাৰীয়ে বিগত ১৭ বছৰত কেৱল দুৰ্নীতিহে কৰাৰ অভিযোগ কৰে প্ৰমোদ বড়োৱে । জাতি-জনগোষ্ঠীৰ সমস্যাৰ প্ৰতি পিঠি দি দুৰ্নীতিৰে ৰাজনীতি কৰাৰো অভিযোগ হাগ্ৰামাৰ বিৰুদ্ধে ।

শেহতীয়া গামোচা বিতৰ্ক সন্দৰ্ভত প্ৰমোদ বড়োৱে কয়, গামোচা, আৰোনাই এইবোৰ আমাৰ গৌৰৱ তথা পৰিচয় । গতিকে এইবোৰক লৈ বিতৰ্ক নকৰাই ভাল বুলি কয় প্ৰমোদ বড়োৱে । তেওঁ লগতে জিআই টেগিং পোৱাত অসমীয়াৰ গামোচাখনে বিশ্ব দৰবাৰত উজলি উঠা বুলি কয় যে এই সময়ত বিতৰ্ক কৰি সময় নষ্ট নকৰাই ভাল ।

উল্লেখ্য, মঙলবাৰে চিৰাং জিলাৰ নিচিমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লাময়লা হাইস্কুল খেলপথাৰত চিৰাং জিলা ইউপিপিএল দলৰ দিনজোৰা কাৰ্যসূচীৰে সপ্তম বাৰ্ষিক অধিবেশনখন অনুষ্ঠিত হয় । এই উপলক্ষে পুৱা ৯ বজাত দলটোৰ পতাকা উত্তোলন কৰে নিচিমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ তথা ইউপিপিএল দলৰ চিৰাং জিলা সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মই । আবেলি মুকলিসভাত অসম চৰকাৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মৰ লগতে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীসহ ইউপিপিএল দলৰ ভালেসংখ্যক নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Extra marital affair: টিউচন মাষ্টৰে পৰিয়ালত লগালে আউল, পত্নীৰ বিৰুদ্ধে অভিযোগ স্বামীৰ

Last Updated : Mar 29, 2023, 11:50 AM IST

ABOUT THE AUTHOR

...view details