চিৰাং, ১ জুন:বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা । ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে জিলাখনৰ ৰাখালদুবীত দুজন সাংবাদিক আটক । ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰে এটা নিউজ প’ৰ্টেলৰ সাংবাদিক কেইজনক ।
চিৰিঞ্জ, কন্টেইনাৰসহ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ তথাকথিত সাংবাদিক কেইজনৰ পৰা । AS-০১-BM-৩৮৪২ নম্বৰৰ প্ৰেছ লিখিত ইণ্ডিগ' বাহনৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি । এটা ৱেব প’ৰ্টেলটোৰ অভয়াপুৰীৰ সাংবাদিক নিকু বনিক্য আৰু অমিত ৰায়ক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।