চিৰাং, 6 জুন : চিৰাং জিলাৰ আমগুৰিৰ টাকলাই নৈপৰীয়া ১৫ খন গাঁওৰ লোকৰ যাতায়ৰ বাবে নাই কোনো সুগম পথ৷
কেনেদৰে চলিছে চিৰাঙত যাতায়ত? - assam news
অঞ্চলটোত বাট-পথ নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষলৈ আবেদন-নিবেদন কৰি আহিছে যদিও আজিকোপতি জনসাধাৰণক ওজৰ-আপত্তি শুনিবলৈ আহৰি পোৱা নাই বিভাগীয় কৰ্তৃপক্ষই ৷
বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাত মৰণক শৰণ দি যাতায়ত কৰিবলৈ বাধ্য চিৰাঙবাসী
বাৰিষা অহাৰ লগে লগে ভৰা নৈত নাৱেৰে যাতায়ত কৰিবলৈ বাধ্য হয় জনসাধাৰণ ৷ কিন্তু খৰস্ৰোতা নদীৰ পানী বৃদ্ধিপোৱাৰ লগে লগে বন্ধ হৈ পৰে নাও যাতায়তো ৷ যাৰ ফলত ৫/২০ কিলোমিটাৰ পথ অতিক্ৰম কৰি ভৱানীপুৰৰ দলঙেৰে পৰা হ'বলগীয়া হয় জনসাধাৰণ ৷ অঞ্চলটোত বাট-পথ নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষলৈ আবেদন-নিবেদন কৰি আহিছে যদিও আজিকোপতি জনসাধাৰণক ওজৰ-আপত্তি শুনিবলৈ আহৰি পোৱা নাই বিভাগীয় কৰ্তৃপক্ষই ৷