অসম

assam

ETV Bharat / state

চিৰাঙত মেৰামতিৰ অভাৱত জহি খহি গৈছে এখন বিদ্যালয়

প্ৰতিফলিত হৈছে বি টি চি ৰ শিক্ষা বিভাগৰ নগ্ন স্বৰূপ ৷ বি টি চি ৰ শিক্ষাবিভাগে প্ৰায়ে কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক হৈ হেতালি খেলা পৰিলক্ষিত হৈছে ৷ দীৰ্ঘদিনৰ পৰা চিৰাং জিলাৰ বড়োবাজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত লাবদাংগুৰী প্ৰাথমিক বিদ্যালয়খন মেৰামতিৰ অভাৱত জহি-খহি গৈছে । ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খন আজিকোপতি চৰকাৰৰ পৰা অৱহেলিত হৈ আছে ৷

২০১৩ চনত প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খন আজিকোপতি চৰকাৰৰ পৰা অৱহেলিত হৈ আছে
চিৰাঙত মেৰামতিৰ অভাৱত বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপ:কাণষাৰ নাই শিক্ষাবিভাগৰ

By

Published : Dec 5, 2019, 7:42 PM IST

চিৰাং, 5 ডিচেম্বৰঃ পুনৰাই প্ৰতিফলিত হৈছে বি টি চি ৰ শিক্ষা বিভাগৰ নগ্ন স্বৰূপ ৷ বি টি চি ৰ শিক্ষাবিভাগে প্ৰায়ে কণ কণ ছাত্ৰ-ছাত্ৰীৰ জীৱনক হৈ হেতালি খেলা পৰিলক্ষিত হৈছে ৷ দীৰ্ঘদিনৰ পৰা চিৰাং জিলাৰ বড়োবাজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত লাবদাংগুৰী প্ৰাথমিক বিদ্যালয়খন মেৰামতিৰ অভাৱত জহি-খহি গৈছে । ইয়াৰ পিছতো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ ২০১৩ চনত প্ৰাদেশীকৰণ হোৱা বিদ্যালয়খন আজিকোপতি চৰকাৰৰ পৰা অৱহেলিত হৈ আছে । সম্প্ৰতি আন্তঃগাঁথনি জৰাজীৰ্ণ হৈ পৰিছে যদিও তেনেকৈয়ে পাঠদান চলি আছে বিদ্যালয়খনত ৷

চিৰাঙত মেৰামতিৰ অভাৱত বিদ্যালয়ৰ জৰাজীৰ্ণ ৰূপ:কাণষাৰ নাই শিক্ষাবিভাগৰ

অসম চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাখণ্ডত আমোল পৰিৱৰ্তনৰ কথা কৈ ঢাক-ঢোল বজাই প্ৰচাৰ চলোৱাৰ সময়তে পোহৰলৈ আহিছে এইখন বিদ্যালয়ৰ কথা । দুটাকৈ গুণোৎসৱ পাৰ কৰা বিদ্যালয়খনে আজিকোপতি লাভ নকৰিলে কোনো চৰকাৰী অনুদান । ছাত্ৰ জীৱনক লৈ হেতালি খেলা শিক্ষা বিভাগৰ এই কাৰ্যক সহজভাৱে ল'ব পৰা নাই স্থানীয় ৰাইজে ৷ ইপিনে বাৰিষাৰ বতৰত পাঠদানৰ সময়ত শ্ৰেণীকোঠাত পানী সোমোৱাৰ ফলত জীয়াতু ভুগিবলগীয়া হয় শিক্ষাৰ্থীয়ে ।তদুপৰি ছাত্র-ছাত্রীসকলৰ বাবে নাই উপযুক্ত ডেক্স-বেঞ্চ । বিদ্যালয়খনত পৰ্যাপ্ত সুবিধা নথকাত হাৰাশাস্তিৰ সন্মুখীন হৈছে শিক্ষক তথা শিক্ষাৰ্থীসকল । ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় কৰ্তৃপক্ষই শীঘ্ৰে বিদ্যালয় গৃহ নিৰ্মাণ কৰি দিবলৈ চৰকাৰক দাবী জনাইছে ৷ ইপিনে চিৰাং জিলা শিক্ষা বিভাগে বিদ্যালয়খনক দীৰ্ঘদিন অৱহেলিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলবাসীয়ে ৷ চৰকাৰে এই বিষয়ত গুৰুত্ব প্ৰদান নকৰিলে শৈক্ষিক আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰিছে অঞ্চলটোৰ ৰাইজে ৷

লগতে চাওকঃকটনৰ ৰণহুংকাৰত অংশ গ্ৰহণ কৰিব জুবিন গাৰ্গে

ABOUT THE AUTHOR

...view details