অসম

assam

ETV Bharat / state

কোকৰাঝাৰ পানবাৰীত প্ৰিজাইডিং বিষয়াৰ গাফিলতি

দুয়োটা ভোট গ্ৰহণ কেন্দ্ৰত নিৰ্বাচনী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুয়োটা ভোট গ্ৰহণ কেন্দ্ৰটেই পুনৰ নিৰ্বাচন হ'ব বুলি ঘোষণা কৰে ।

By

Published : Apr 23, 2019, 7:41 PM IST

কোকৰাঝাৰ পানবাৰীত প্ৰিজাইডিং বিষয়াৰ গাফিলতি

কোকৰাঝাৰ, ২৩ এপ্ৰিলঃ কোকৰাঝাৰ পানবাৰী এম ই স্কুলৰ ৩৩ আৰু ৩৪ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ দুটাত প্ৰিজাইডিং অফিচাৰৰ গাফিলতি । মকড্ৰিল ভোট (Delete) নকৰাকৈয়ে ভোটগ্ৰহণ আৰম্ভ । দুয়োটা ভোট কেন্দ্ৰটেই উত্তপ্ত পৰিস্থিতি ।

কোকৰাঝাৰ পানবাৰীত প্ৰিজাইডিং বিষয়াৰ গাফিলতি

বিজনী বিধানসভা সমষ্টিৰ পানবাৰী বৰপথাৰ এম ই স্কুলৰ ৩৩ নম্বৰ আৰু ৩৪ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰ দুটাত প্ৰিজাইডিং বিষয়াই EVM ৰ মকড্ৰিল ভোট (Delete) নকৰাকৈয়ে ভোটগ্ৰহণ আৰম্ভ কৰিবলৈ দিয়ে । উক্ত ঘটনাটি ৰাইজে পোহৰলৈ অনাৰ পিছতেই পৰিবেশ উত্তপ্ত হৈ পৰে । ঘটনাস্থলীত নিৰ্বাচনী বিষয়া উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰাৰ লগতে দুয়োটা ভোট গ্ৰহণ কেন্দ্ৰটেই পুনৰ নিৰ্বাচন হ'ব বুলি ঘোষণা কৰে ।

ABOUT THE AUTHOR

...view details