চিৰাং, 22 এপ্ৰিলঃ ৰাজ্যত 23 এপ্ৰিলত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ যাক লৈ ব্যস্ত হৈ পৰিছে ভোট কেন্দ্ৰসমূহ ৷ চিৰাঙৰ বিজনী বিধানসভা সমষ্টিত আদৰ্শ ভোট কেন্দ্ৰ 6 টা ৷ ইয়াৰে এটা ভোট গ্ৰহণ কেন্দ্ৰ পৰিচালনা কৰিব মহিলা বিষয়া-কৰ্মচাৰীয়ে ৷ বিজনী বিধান সভা সমষ্টিৰ মুঠ ২০১ টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত পাণবাৰী হাইস্কুল, নৱাৰুণ হাইস্কুল, বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী মতিলাল বগৰীয়া আৰু বিজনী ছোৱালী হাইস্কুল এই 6 টা কেন্দ্ৰক আদৰ্শ কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে ৷
বিজনী বিধানসভা সমষ্টিত 6 টা আদৰ্শ ভোট কেন্দ্ৰ - assam news
বিজনী বিধানসভা সমষ্টিৰ মুঠ ২০১টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত পাণবাৰী হাইস্কুল, নৱাৰুণ হাইস্কুল, বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিজনী মতিলাল বগৰীয়া আৰু বিজনী ছোৱালী হাইস্কুল এই 6 টা কেন্দ্ৰক আদৰ্শ কেন্দ্ৰ হিচাপে স্থাপন কৰা হৈছে
6 টা আদৰ্শ ভোট কেন্দ্ৰ
এই আদৰ্শ ভোট কেন্দ্ৰ সমূহত ভোটাৰ ৰাইজক বিশুদ্ধ খোৱাপানী, বয়োজ্যেষ্ঠ আৰু শাৰিৰীকভাৱে সক্ষম নাগৰিকক জিৰণি সময়ত বিজুলী পাংখা আৰু মাতৃয়ে শিশুক দুগ্ধপান কৰোৱালৈ পৃথকে কোঠাৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে, বিজনী বিধান সভা সমষ্টিৰ ষ্ট্ৰং ৰূম মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা হৈছে ৷ বিজনী জিলা নিৰ্বাচনী বিষয়া দিঠকানন্দ হাজৰিকাই বিজনী বিধান সভা সমষ্টিত নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰে বুলি ব্যক্ত কৰে ৷