অসম

assam

ETV Bharat / state

আৰক্ষীৰ অভিযানত উদ্ধাৰ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ - ড্ৰাগছ ব্যৱসায়ীৰ দৌৰাত্ম

দেওবাৰে সন্ধিয়া পূৱ বিলাসীপাৰাৰ চাপৰ আৰক্ষীয়ে অভিযান চলাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS 01 MC 0176 নম্বৰৰ যাত্ৰীবাহী বাছখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩২ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ৷

ড্ৰাগছৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান
ড্ৰাগছৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান

By

Published : Mar 8, 2021, 9:20 AM IST

পূৱ বিলাসীপাৰা,৮ মাৰ্চ:চাপৰত অব্যাহত আছে মাৰাত্মক ড্ৰাগছ ব্যৱসায়ীৰ দৌৰাত্ম্য ৷ দেওবাৰে সন্ধিয়া পূৱ বিলাসীপাৰাৰ চাপৰ আৰক্ষীয়ে অভিযান চলাই ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে আহি থকা AS 01 MC 0176 নম্বৰৰ যাত্ৰীবাহী বাছখনত হামিদুল হুছেইন নামৰ লোকজনে লৈ আহিছিল নিষিদ্ধ ড্ৰাগছখিনি ৷ গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলোৱা এই অভিযানত লোকজনৰ কবলৰ পৰা ৩২ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰে ৷

ড্ৰাগছৰ বিৰুদ্ধে চাপৰ আৰক্ষীৰ অভিযান

সম্প্ৰতি চাপৰ আৰক্ষীয়ে হামিদুল হুছেইনক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷ এই ড্ৰাগছ সৰবৰাহৰ লগত কোন জড়িত আছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ আৰক্ষীৰ জেৰাৰ পাচতে সকলো তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক:সৰভোগত ৰণজিৎ কুমাৰ দাসৰ প্ৰাৰ্থীত্বক লৈ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details