অসম

assam

চিৰাঙত বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ অভিযুক্ত চোৰাং চিকাৰী

By

Published : Apr 13, 2020, 4:33 PM IST

দেওবাৰে নিশা কুকলুঙৰ বন বিষয়া অবিনাশ বসুমতাৰীৰ নেতৃত্বত চলোৱা অভিযানত, এটা মৃত হৰিণাৰ সৈতে এজন অভিযুক্ত চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

poache arrested in chirang
poache arrested in chirang

চিৰাং, 13 এপ্ৰিলঃচিৰাং সংমণ্ডল বন বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে জনিবলৈ দিয়া অনুসৰি, লক ডাউনৰ সময়ত জিলাখনৰ বনাঞ্চল সমূহত চোৰাং চিকাৰী আৰু চোৰাং কাঠ মাফিয়াই গছ কাটি তহিলং কৰাৰ লগতে বন্যপ্ৰাণী চিকাৰ কৰিছে । বন বিভাগৰ লোকে এছএছবিৰ সহযোগত বনাঞ্চলত চোৰাং চিকাৰীৰ প্ৰৱেশৰ তথ্য লাভ কৰাৰ পিচতে, আমটেকা বনাঞ্চলত এক অভিযান চলাইছিল । এই অভিযানত দেওবাৰে বিয়লি বন বিভাগ লগত চোৰাং চিকাৰীৰ গুলীয়াগুলী চলে বুলিও জনায় বন বিষয়া গৰাকীয়ে ।

চিৰাঙত বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ অভিযুক্ত চোৰাং চিকাৰী

দেওবাৰে নিশা কুকলুঙৰ বন বিষয়া অবিনাশ বসুমতাৰীৰ নেতৃত্বত চলোৱা অভিযানত এটা মৃত হৰিণাৰ সৈতে এজন অভিযুক্ত চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গ্ৰেপ্তাৰ হোৱা লোকজন মখনাগুৰি গাঁৱৰ ৰাজকু মুৰ্মু (৩৫) বুলি জনায় ব্ৰহ্মানন্দ পাতিৰীয়ে । উল্লেখ্য যে, লোকজনৰ লগতে 22 খন চাইকেল, 10 খন ধনু আৰু ১৮ ডাল কাড় জব্দ কৰিছে বন বিভাগৰ লোকে । ইতিমধ্যে লোকজনক আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, বৰ্তমানেও আমটেকা আৰু কুকলুং বনাঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে অব্যাহত আছে অভিযান ।

লগতে পঢ়কঃকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ গুলীত আহত বনকৰ্মী

ABOUT THE AUTHOR

...view details