অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চিৰাঙত বৃহৎ কেলেংকাৰী ! - চিদলী উন্নয়ণ খণ্ডত দুৰ্নীতিৰ অভিযোগ

চিৰাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনাত বৃহৎ কেলেংকাৰী । ভিচিডিচিৰ অধ্যক্ষ আৰু সদস্যৰ বিৰুদ্ধে লুণ্ঠনৰাজৰ অভিযোগ । বিটিচিৰ সৰ্বত্ৰে দৰিদ্ৰৰ গৃহৰ নামত দুৰ্নীতিৰ গুৰুতৰ অভিযোগ ।

PMAY Scam at Chirang
PMAY Scam at Chirang

By

Published : Jun 2, 2020, 5:06 PM IST

চিৰাং, 2 জুন : চিৰাং জিলাৰ চিদলী উন্নয়ণ খণ্ডৰ অন্তৰ্গত বামুণগাঁও দত্তপুৰ ভিচিডিচিত বৃহৎ কেলেংকাৰীৰ অভিযোগ । দৰিদ্ৰ লোকৰ নামত আৱন্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চলিছে এতিয়া ব‍্যাপক দুৰ্নীতি । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেৱল গৃহৰ ভেটী নিৰ্মাণ কৰিয়ে শৰাধ কৰিছে সমুদায় ধন ।

ভিচিডিচিৰ অধ্যক্ষ, সদস্য়ৰ ওপৰত দুৰ্নীতিৰ অভিযোগ

অভিযোগ অনুসৰি তিনিজন হিতাধিকাৰীৰ পৰা ইতিমধ্যে দুই ব্যক্তিয়ে প্ৰথম আৰু দ্বিতীয় কিস্তিৰ সৰ্বমুঠ 2,36,000 টকা হিতাধিকাৰীৰ পৰা গ্ৰহণ কৰি হিতাধিকাৰীক হাৰাশাস্তি কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । হিচাপ অনুসৰি দ্বিতীয় কিস্তিৰ তিনিভাগৰ দুভাগ কাম সম্পূৰ্ণ হ'ব লাগিছিল। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীতমুখী তিনিভাগৰ এভাগো কাম সম্পূৰ্ণ নোহোৱাকৈ কেনেকৈ দুটা কিস্তিৰ ধন উলিয়াবলৈ সক্ষম হ'ল তাক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্য়ৰ । এতিয়া সন্দেহৰ আঙুলি উঠিছে এই কু-কাৰ্যৰ লগত খণ্ড উন্নয়ণ বিষয়া আৰু অভিযন্তাও জড়িত আছে নেকি ?

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চিৰাঙত বৃহৎ কেলেংকাৰী !

এতিয়া জিলা প্ৰশাসনে এই কু-কাৰ্যৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া পৰৱৰ্তী সময়ত লক্ষ‍্যণীয় হ'ব। কাৰণ বৰ্তমানে এতিয়া বিটিচিত চলি আছে ৰাজ‍্যপালৰ শাসন ।

সম্প্ৰতি চিৰাং জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হোৱা এইয়া নতুন কথা নহয় । প্ৰায়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত প্ৰায় সংখ‍্যক ভিচিডিচিতেই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চিৰাঙত দুৰ্নীতি !

এতিয়া সন্মানীয় ৰাজ‍্যপালৰ শাসন কালত স্থানীয় লোকৰ দাবী এই সমুহ দুৰ্নীতিৰ উচিত তদন্তৰ লগতে দৰিদ্ৰসকলৰ বাবে সুবিচাৰ হ'ব লাগে । যাতে দৰিদ্ৰৰ নামত আৱন্টিত ধন দৰিদ্ৰ লোকেই লাভ কৰে আৰু ইয়াত যাতে কোনো মধ‍্যভোগীয়ে দুৰ্নীতি কৰাৰ সুৰুঙা নাপায় ।

লগতে পঢ়কঃ মঙলদৈত উদ্ধাৰ যুৱকৰ মৃতদেহ

ABOUT THE AUTHOR

...view details