চিৰাং, 7 মে’: প্ৰকৃত ভাৰতীয় নাগৰিকক অভিযোগৰ নামত হাৰাশাস্তি । ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা নাগৰিক পঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত চিৰাং জিলাৰ বিজনী মহকুমা অঞ্চলৰ বহু ভাৰতীয় নাগৰিকক সন্দেহজনক নাগৰিক বুলি অভিযোগ দাখিল কৰা হৈছে ৷ চিৰাং জিলাৰ বিজনী নাগৰিকপঞ্জী উন্নীতকৰণৰ কেন্দ্ৰ সমূহত মঙলবাৰে অভিযোগ কৰা লোকে জাননী অনুসৰি নথি পত্ৰ লৈ উপস্থিত হয় যদিও কোনো অভিযোগকাৰী লোক উপস্থিত নোহোৱাত প্ৰকৃত ভাৰতীয় লোক সকলে উদ্বেগ প্ৰকাশ কৰে ৷ জাননী পাই এন আৰ চি কেন্দ্ৰত উপস্থিত হোৱা লোকসকলে প্ৰকাশ কৰামতে, তেওঁলোকৰ শুদ্ধ নাগৰিক পঞ্জীৰ প্ৰথম আৰু দ্বিতীয় তালিকাত নাম সন্নিবিষ্ট হোৱাৰ পাছতো একাংশ লোকে অভিযোগ দাখিল কৰাত জাননী লাভ কৰি কেন্দ্ৰ সমূহত যাৱতীয় নথিপত্ৰ লৈ উপস্থিত হয় ৷ অৱশ্যে অভিযোগ দাখিল কৰা লোকসকলে উপস্থিত থাকিব লাগে যদিও এন আৰ চি কেন্দ্ৰৰ তত্বাৱধায়ক সকলে ফোন যোগে মাতিও অভিযোগকাৰী লোকসকল উপস্থিত হোৱা নাই ৷ এই ক্ষেত্ৰত ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বঙাইগাঁও- চিৰাং জিলা সমিতিৰ সভাপতি শুভংকৰ ঘোষে নাগৰিক পঞ্জী উন্নীতকৰণৰ নামত প্ৰকৃত নাগৰিকক হাৰাশাস্তি হোৱাত উদ্বেগ প্ৰকাশ কৰে ৷
এন আৰ চি ৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা অভিযোগ - চিৰাং
চিৰাং জিলাৰ বিজনী নাগৰিকপঞ্জী উন্নীতকৰণৰ কেন্দ্ৰ সমূহত মঙলবাৰে অভিযোগ কৰা লোকে জাননী অনুসৰি নথি পত্ৰ লৈ উপস্থিত হয় যদিও কোনো অভিযোগকাৰী লোক উপস্থিত নোহোৱাত প্ৰকৃত ভাৰতীয় লোক সকলে উদ্বেগ প্ৰকাশ কৰে ৷ জাননী পাই এন আৰ চি কেন্দ্ৰত উপস্থিত হোৱা লোকসকলে প্ৰকাশ কৰামতে, তেওঁলোকৰ শুদ্ধ নাগৰিক পঞ্জীৰ প্ৰথম আৰু দ্বিতীয় তালিকাত নাম সন্নিবিষ্ট হোৱাৰ পাছতো একাংশ লোকে অভিযোগ দাখিল কৰাত জাননী লাভ কৰি কেন্দ্ৰ সমূহত যাৱতীয় নথিপত্ৰ লৈ উপস্থিত হয় ৷
আৰু পঢ়ক: মৰিগাঁৱতো পবিত্ৰ ৰমজানৰ এমহীয়া ব্ৰত পালন আৰম্ভ
তেওঁ শুদ্ধ এন আৰ চি হোৱাৰ পোষকতা কৰে ৷ একেদৰে বিটিএডি বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক ব্ৰজগোপল সৰকাৰে শুদ্ধ এন আৰ চি প্ৰস্তুতকৰণৰ পোষকতা কৰি শেহতীয়াভাৱে এন আৰ চিত নাম সন্নিবিষ্ট হোৱা নাগৰিকক পুনৰ আপত্তি দৰ্শাই হাৰাশাস্তি কৰি সংশ্লিষ্ট পক্ষই শান্তি বিনষ্ট কৰিব বিচাৰিছে বুলি অভিযোগ কৰে ৷ সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল ঘোষেও সংবাদ মাধ্যমৰ আগত প্ৰকৃত ভাৰতীয় নাগৰিকক অভিযোগ দাখিল কৰি হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ কৰে ৷