চিৰাং, 26 মাৰ্চঃ চিৰাঙৰ কাশীকত্ৰাত বি পি এফৰ সভাত উদ্ভৱ হয় অভাৱনীয় পৰিস্থিতি ৷ প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ ওচৰত সেঁও মানি সভাস্থলীৰ পৰা দৌৰি দৌৰি পলায়ন কৰে সাধাৰণ জনতা ৷
চিৰাঙত বি পি এফৰ সভাত অভাৱনীয় পৰিস্থিতি - চিৰাং বিপিএপ সভা
বৰষুণৰ বাবে দৌৰি পলাল সাধাৰণ ৰাইজ
![চিৰাঙত বি পি এফৰ সভাত অভাৱনীয় পৰিস্থিতি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2811585-990-2568d047-ad98-4aed-b429-0daaf4b0cce0.jpg)
চিৰাং ধুমুহা
চিৰাং ধুমুহা
উল্লেখ্য মঙলবাৰে দিনৰ ভাগত অহা এজাক ধুমুহা বতাহে নামনি অসমৰ বিভিন্ন স্থানত আহুকলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন হয় ৷ তেনে এক পৰিস্থিতি উদ্ভৱ হয় চিৰাঙৰ কাশীকত্ৰাত ৷ আচলতে বিপিএফ দলে আয়োজন কৰা এখন সাধাৰণ সভাত ভাগ ল'বলৈ আহিছিল বহুসংখ্যক লোক ৷ কিন্তু হঠাতে অহা এজাক ধুমুহা বৰষুণে সকলোতে খেলিমেলিৰ সৃষ্টি কৰে ৷ ফলত সভাস্থলীৰ পৰাই এইদৰে দৌৰি দৌৰি নিৰাপদ স্থানলৈ পলায়ন কৰে এইসকল জনতাই ৷