চিৰাং,3 জুনঃ চিৰাং জিলাৰ বিজনী মহকুমা অন্তৰ্গত বিজনী আমগুৰীস্থিত তালাচী চকীত কঠোৰ আৰক্ষী প্ৰশাসন । বুধবাৰে অঞ্চলটোত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক বিজনী আৰক্ষীয়ে বিহিলে 500 টকাকৈ জৰিমনা । ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পোৱা মহামাৰী কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিজনী আৰক্ষীয়ে গ্ৰহণ কৰে এই পদক্ষেপ ।
বিজনীত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক আৰক্ষীৰ জৰিমনা - Chirang police
চিৰাঙৰ বিজনীত কঠোৰ আৰক্ষী প্ৰশাসন। বুধবাৰে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক পৰা সংগ্ৰহ 500 টকাকৈ জৰিমনা ।

penalty for not wear mask at Chirang
ইতিমধ্যে অসমৰ স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰা অনুসৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰ 5 জনকৈ লোক আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত । উল্লেখ্য যে,অসম চৰকাৰে বাৰম্বাৰ সতৰ্ক কৰি দিয়াৰ পিছতো চিৰাং জিলাৰ বিজনী অঞ্চলত বুধবাৰে বহু সংখ্যক লোকে মাস্ক পৰিধান নকৰা পৰিলক্ষিত হ'য়। যাৰ ফলত বিজনী আৰক্ষীয়ে বুধবাৰে মাস্ক পৰিধান নকৰা সকলক নাকি লগাবলৈ 500 টকাকৈ জৰিমনা বিহে ।
বিজনীত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোকক আৰক্ষীৰ জৰিমনা