অসম

assam

ETV Bharat / state

দলঙৰ নামত লোৰ ওপৰেৰে যাত্ৰা একাংশৰ - বিধ্বস্ত দলং

চিৰাঙৰ বিজনী মহকুমাৰ আলুখুন্দা বেদলাং ফুলেৰচৰ সংযোগী দলঙৰ এই বিধ্বস্ত ৰূপে জ্বলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক ৷ এই বিধ্বস্ত লোৰ দলঙেৰে অহা যোৱা কৰি বহুলোক পানীত পৰা লগতে আহত হৈছে বহুলোক ৷

দলঙৰ বিধ্বস্ত ৰূপ

By

Published : Apr 28, 2019, 10:20 AM IST

চিৰাং, 28 এপ্ৰিল : চিৰাঙৰ বিজনী মহকুমাৰ আলুখুন্দা বেদলাং ফুলেৰচৰ সংযোগী দলঙৰ দৃশ্য এইয়া । বৃহৎ অঞ্চলটোৰ প্ৰধান আৰু একমাত্ৰ যাতায়াতৰ পথটোৰ দলঙৰ এই বিধ্বস্ত ৰূপে জ্বলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক । দলঙৰ নামত লোৰ ওপৰেৰে এনেদৰে মৰণত শৰণ দি নিতৌ শ শ লোকে যাত্ৰা কৰি আহিছে ৷ ইপিনে বাৰিষাকালি এই পথেৰে যাতায়াত কৰা অসম্ভৱ হৈ পৰে ৰাইজৰ বাবে ৷ যাৰ ফলত বাৰিষাত নাও বা কলৰ ভুৰখনেই যাতায়াতৰ একমাত্ৰ উৎস হৈ পৰে অঞ্চলবাসীৰ । আনহাতে এই লোৰ বিধ্বস্ত দলঙেৰে অহা যোৱা কৰি বহুলোক পানীত পৰা লগতে আহত হৈছে বহুলোক ৷

দলঙৰ বিধ্বস্ত ৰূপ

উল্লেখ্য যে, 2007 চনতে বিটিচিৰ উন্নয়নৰ ধনেৰে এই দলং নিৰ্মাণৰ ব্যৱস্থা কৰিছিল যদিও দলংখন মুকলিৰ পুৰ্বেই বহি যায় দলংখন । পৰৱৰ্তী সময়ত এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিটিচি পৰিষদীয় সদস্য,বিজনী সমষ্টীৰ বিধায়কক ৰাইজে জনাই আহিছে যদিও আজিকোপতি কোনোধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা ।

ABOUT THE AUTHOR

...view details