চিৰাং, 24 নৱেম্বৰ : পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে "বিশ্ব স্মৃতি দিৱস" উপলক্ষে ৰাজ্যৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষা জন সচেতনতা কাৰ্যসূচী হাতত লৈ চিৰাং জিলাতো মটৰ চাইকেল সমদলত ভাগ লয় ৷ শুকুৰবাৰে পুৱাৰ ভাগত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জিলাখনৰ ঢালি গাঁওস্থিত বঙাইগাওঁ শোধনাগাৰৰ মানাহ অতিথিশালাত চিৰাং জিলা পথ সুৰক্ষা সমিতিৰ এখন সভাত অংশগ্ৰহণ কৰে ৷
মন্ত্ৰীগৰাকীয়ে কয় যে জনসাধাৰণক পথ দুৰ্ঘটনাৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ পথ সুৰক্ষাৰ নিয়মসমূহ বাৰে বাৰে কৈ থাকিব লাগিব ৷ হেলমেট নিপিন্ধাকৈ যেন কোনোৱে দুচকীয়া বাহন নচলায়, চাৰিচকীয়া গাড়ী চলাওতে যেন ছিটবেল্ট মাৰি লয়, সুৰাপান কৰি যাতে কোনোৱে গাড়ী নচলায় আৰু কোনোৱে যাতে গতিবেগৰ উচ্চ সীমা পাৰ কৰি গাড়ী নচলায় সেয়া জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকলে বাৰে বাৰে জনসাধাৰণক ক'ব লাগিব ৷ তদুপৰি লোক নিৰ্মাণ বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম বা ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰয়োজন সাপেক্ষে ফলক লগোৱা বা গতিৰোধক দিয়া আদি কাম সময়ে সময়ে কৰি থাকিব লাগিব বুলিও সভাত তেওঁ ব্যক্ত কৰে ৷