চিৰাং,13 এপ্ৰিল: চিৰাঙৰ বিজনীৰ নিৰ্বাচনী সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইউ পি পি এলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম,এবছু সভাপতি প্ৰমোদ বড়ো,এন ডি এফ বি আদিক কঠোৰ সমালোচনা কৰা পৰিলক্ষিত হয় । হাগ্ৰামা মহিলা মহিলাৰীয়ে এবছুৰ সভাপতি প্ৰমোদ বড়োক বেপাৰী আখ্যা দি প্ৰমোদ বড়োৱে বড়ো সম্প্ৰদায়ৰ লোকৰ অধিকাৰ কাঢ়ি নিৰ্বাচন খেলিছে বুলি মন্তব্য কৰে ৷ প্ৰমোদ বড়ো আৰু এন ডি এফ বিক লগত লৈ কোনো কাৰণতে প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্ম নিৰ্বাচনত বিজয়ী হ'ব নোৱাৰে বুলি মন্তব্য কৰে বিপি এফৰ নেতাগৰাকীয়ে ৷
ৰাহুল গান্ধী ফেচবুকৰ বন্ধু!! কোনে ক'লে? - হাগ্ৰামা মহিলাৰী
প্ৰমোদ বড়োক বড়ো লোকৰ অধিকাৰ বিক্ৰী কৰা বেপাৰী আখ্যা হাগ্ৰামা মহিলাৰীৰ ৷ জনসাধাৰণৰ কাষত বিপদে আপদে প্ৰয়োজনত হাগ্ৰামা মহিলাৰী আৰু বিপিএফ নেতৃত্বৰ লোক সকল হে থাকিব বুলি কয় সাংসদ বিশ্বজিত দৈমাৰীয়ে ।
আনহাতে নিৰ্বাচনীসভা সমূহত হেলিকপ্টাৰেৰে নেতাসকল উপস্থিত হোৱা বিষয়টো বিভিন্ন ঠাইত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা দেখিবলৈ পোৱা গৈছে ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে হেলিকপ্টাৰেৰে উপস্থিত হয শিলবাৰীৰ নিৰ্বাচনী সভাত ৷ নিৰ্বাচনী সভাখনত হেলিকপ্টাৰ চাবলৈ জনসাধাৰণৰ মাজত কৌতূহল দেখিবলৈ পোৱা গ'ল ৷
বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে আঁত ধৰা নিৰ্ব্বাচনী সভাৰ ভাষণত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে কয় যে কোকৰাঝাৰ লোকসভা সমষ্ঠীৰ সাংসদ নৱ কুমাৰ শৰনীয়াই যোৱা পাঁচটা বছৰত সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ নষ্ট কৰি নিজৰ ব্যাক্তিগত মুনাফাৰ বাবে বিভাজনৰ ৰাজনীতি কৰি এক শংকাময় পৰিৱেশৰ সৃষ্টি কৰিলে বুলি মন্তব্য কৰে । কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা এনে ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি ওফৰাই উন্নয়নৰ স্বাৰ্থত জাতি জনগোষ্ঠীৰ বিভাজন এৰি মিলা-প্ৰিতীৰে হাতে হাত ধৰি আগুৱাই যোৱাৰ সময় বুলি তেওঁ মন্তব্য কৰে । ৰাহুল গান্ধী ফেচবুকৰ বন্ধুৰ দৰে । ৰাহুল গান্ধী ভোট বিচাৰি এদিন হে আহিব । জনসাধাৰণৰ কাষত বিপদে আপদে প্ৰয়োজনত হাগ্ৰামা মহিলাৰী আৰু বিপিএফ নেতৃত্বৰ লোক সকল হে থাকিব বুলি কয় সাংসদ বিশ্বজিত দৈমাৰীয়ে ।