চিৰাং, 6 নৱেম্বৰ :চিৰাঙৰ ঢালিগাঁৱত বনৰৌ বিক্ৰী কৰিবলৈ আহি আটক হ'ল তিনি সৰবৰাহকাৰী । চোৰাং বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে লাভ কৰা গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত চিৰাং জিলা বন বিভাগে অভিযান চলাই ঢালিগাঁৱৰ পৰা এটা বনৰৌ সহ তিনি সৰবৰাহকাৰীক আটক কৰে ।
সৰবৰাহকাৰী তিনিজনৰ পৰা বনবিভাগৰ লোকে এখন নম্বৰ বিহীন চাৰিচকীয়া বাহন জব্দ কৰে ৷ আটকাধীন সৰবৰাহকাৰী কেইজন ক্ৰমে, শংকু দত্ত, সন্দীপ সাহা আৰু আৰাধন সৰকাৰ । চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে সদৰী কৰা মতে, বন্যপ্ৰাণী সৰবৰাহৰ মাষ্টাৰ মাইণ্ড হৈছে শংকু দত্ত ৷
শংকু দত্ত আৰু সন্দীপ সাহাৰ ঘৰ পশ্চিমবংগৰ মালদা আৰু আৰাধন সৰকাৰৰ ঘৰ বঙাইগাঁও জিলাৰ চুঙাপোতাত বুলি জানিব পৰা গৈছে । বন্যপ্ৰাণী চোৰাং ব্যৱসায় চক্ৰৰ মূল ব্যক্তি শংকু দত্ত পশ্চিমবংগৰ এজন এনচিবি কৰ্মচাৰী বুলিও জানিব পৰা গৈছে ।