চিৰাং, 24 অক্টোবৰ: চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তত অৱস্থিত পানবাৰীৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশ দ্বাৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰে বিটিচিৰ উপ:মুখ্য তথা বন বিভাগৰ কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকি বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ পৰিদৰ্শনৰ বাবে তিনিখনকৈ জিপচী উদ্ধোধন কৰে। খাম্পা বৰগয়াৰী আৰু বিজনীৰ বিধায়ক গৰাকীয়ে জিপচীত উঠি অভয়াৰণ্য পৰ্যটন স্থল পৰিদৰ্শন কৰে।
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চিৰাঙৰ পানবাৰী বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি - Manah national forest latest update
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ চিৰাঙৰ পানবাৰী বনাঞ্চলৰ প্ৰৱেশ দ্বাৰ মুকলি খাম্পা বৰগয়াৰীৰ। এতিয়াৰে পৰা চিৰাঙৰ পানবাৰীতো বিদেশী পৰ্যটকে উপভোগ কৰিব পাৰিব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক দৃশ্য ।
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বড়ো নৃত্য পৰিৱেশন কৰাৰ লগতে এখন সভাও অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানটোত বিটিচিৰ অতিৰিক্ত সঞ্চালক ৰবিনচন বড়ো,মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক অমল শৰ্মা,বিজনী মহকুমাধিপতি দিঠকানন্দ হাজৰিকা,বিজনী মহকুমাৰ আৰক্ষী বিষয়া প্ৰকাশ মেধী,পাণবাৰী চক্ৰ আৰক্ষী বিষয়া ৰফিক হাছান চৌধুৰী আৰু ১৮ নং মানাহ ছেৰফাং সমষ্টিৰ প্ৰাক্তন MCLA সুভাষ বসমুতাৰীৰ লগতে উপস্থিত থাকে আন বহুতো লোক ৷
চিৰাং জিলাৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দুটা বনাঞ্চল ক্ৰমে পানবাৰী আৰু কুকলুং বনাঞ্চলতে বিভিন্ন বন্যপ্ৰাণী আদি দেখিবলৈ পোৱা যায় । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অৱহেলিত হৈ থকা পানবাৰী বনাঞ্চললৈ এইবাৰৰ পৰা বিদেশী পৰ্যটক আহিব পৰা ব্যৱস্থা কৰিব বিটিচি পৰ্যটন বিভাগ তথা বন বিভাগে ।