অসম

assam

ETV Bharat / state

বৃটেইনৰ পৰা চিৰাং পালেহি অক্সিজেন জেনেৰেটৰ - ভাৰতবৰ্ষ

ইউনাইটেড কিংদমে ভাৰতবৰ্ষলৈ সহায় হিচাপে আগবঢ়াইছে ৩ টাকৈ অক্সিজেন জেনেৰেটৰ । ইয়াৰে, দুটাকৈ জেনেৰেটৰ ৰাজস্থানত স্থাপন কৰা হোৱাৰ লগতে তৃতীয়টো স্থাপন কৰা হ’ব চিৰাঙৰ জে এছ বি অসামৰিক চিকিৎসালয়ত ৷

oxygen generator from uk to chirang assam
ইউনাইটেড কিংদমৰ পৰা চিৰাং পালেহি অক্সিজেন জেনেৰেটৰ

By

Published : May 14, 2021, 6:37 AM IST

চিৰাং,13 মে’:সমগ্র ভাৰতবৰ্ষতে অক্সিজেনৰ নাটনি হোৱাৰ সময়তে অসমবাসীৰ বাবে এটা সুখবৰ । ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয়টো লহৰৰ সৈতে যুঁজ দি থকাৰ সময়তে ভাৰতবৰ্ষলৈ সহায়ৰ হাত আগবঢ়ালে ইউনাইটেড কিংডমে ৷ শেহতীয়াকৈ দেশখনে ভাৰতলৈ আগবঢ়াইছে ৩ টাকৈ অক্সিজেন জেনেৰেটৰ। ইয়াৰে, দুটা ৰাজস্থানত স্থাপন কৰাৰ বিপৰীতে আনটো অক্সিজেন জেনেৰেটৰ স্থাপন কৰা হ’ব অসমৰ চিৰাং জিলাৰ কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত ।

ইতিমধ্যে, বুধবাৰে নিশা চিৰাঙৰ জে এছ বি অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছে অক্সিজেন জেনেৰেটৰটো । জানিব পৰা মতে, প্ৰতি মিনিটত 500 লিটাৰকৈ অক্সিজেন উৎপাদন কৰিব পৰা হ’ব এই বিশেষ অক্সিজেন জেনেৰেটৰটোৰ পৰা । ১৮ টন ওজনৰ এই জেনেৰেটৰটোৰ সৈতে এহেজাৰ ভেন্টিলেটৰো প্ৰদান কৰিছে ইউনাইটেড কিংদমে ।

ইউনাইটেড কিংদমৰ পৰা চিৰাং পালেহি অক্সিজেন জেনেৰেটৰ

উল্লেখযোগ্য যে, এফ চি ডি অ’ই আৰ্থিক সহযোগ কৰা ইউনাইটেড কিংদমৰ বেলফাষ্ট আয়াৰলেণ্ডৰ পৰা বিশ্বৰ আটাইতকৈ বৃহৎ সামগ্ৰী কঢ়িওৱা এয়াৰক্ৰাফ্ট এন্টোনোভ 124 ৰ সহায়ত এই জেনেৰেটৰ কেইটা দেওবাৰে পোনে পোনে নতুন দিল্লীলৈ আহিছিল । ইয়াৰ পিচতেই দিল্লীৰ পৰা বুধবাৰে ৰেলেৰে গুৱাহাটীৰ চাংসাৰিলৈ লৈ অনা হয় ইয়াৰে এটা জেনেৰেটৰ । ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি এনডিআৰএফৰ কটকটীয়া নিৰাপত্তাৰ মাজত বুধবাৰে মাজনিশা চিৰাঙৰ কাজলগাঁৱৰ জে এচ বি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় এই বিশেষ অক্সিজেন জেনেৰেটৰটো ।

স্বাভাৱিকতেই অক্সিজেন জেনেৰটৰটো লাভ কৰি এতিয়া উৎফুল্লিত হৈছে জে এছ বি অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ লগতে সমগ্ৰ চিৰাং জিলাবাসী ৷ অৱশ্যে, এই জেনেৰটোৰ পৰা অন্য হাস্পতাললৈ প্ৰয়োজনত অক্সিজেন যোগান ধৰিব পৰা যাব নে নাই ইয়াক লৈ বৰ্তমানেও চলি আছে জল্পনা-কল্পনা ৷

লগতে পঢ়ক :ক্ৰমাৎ এলাগী হৈ পৰিছে যোগাযোগৰ অন্যতম মাধ্যম ডাকঘৰ

ABOUT THE AUTHOR

...view details