অসম

assam

ETV Bharat / state

বিপিএফ দললৈ মুকলি সমৰ্থন ইছলাম ধৰ্মীয় সংগঠন ইমামুল ইত্তেহাদৰ - 13 নং চিৰাং পৰিষদীয় সমষ্টি

বিপিএফ দলৰ 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ছাইকং বসুমতাৰীক মুকলি সমৰ্থন ইছলাম ধৰ্মীয় সংগঠন ইমামুল ইত্তেহাদৰ ৷

Open support to BPF Islam religious organization Imamul Ittehad
বিপিএফ দললৈ মুকলি সমৰ্থন ইছলাম ধৰ্মীয় সংগঠন ইমামুল ইত্তেহাদৰ

By

Published : Dec 9, 2020, 9:45 PM IST

চিৰাং, 9 ডিচেম্বৰ : বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ বিটিচি পৰিষদীয় নিৰ্বাচন ৷ তাৰ মাজতে বুধবাৰে বিপিএফ দললৈ মুকলি সমৰ্থন আগবঢ়াইছে ইছলাম ধৰ্মীয় সংগঠন ইমামুল ইত্তেহাদ নামৰ সংগঠনটোৱে ৷ চিৰাং জিলাৰ কাশিকত্ৰাত থকা বিপিএফৰ চিৰাং ব্লক কাৰ্যালয়ত আয়োজিত এক অনুষ্টুপীয়া সভাত ৰাজহুৱা ভাৱে সমৰ্থন জনায় সংগঠনটোৱে ৷ 13 নং চিৰাং পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী ছাইকং বসুমতাৰীক মুকলি সমৰ্থন জনাই ইছলাম ধৰ্মীয় সংগঠনটোৱে ৷

বিপিএফ দললৈ মুকলি সমৰ্থন ইছলাম ধৰ্মীয় সংগঠন ইমামুল ইত্তেহাদৰ

উল্লেখ্য যে, বৃহস্পতিবাৰে বিটিচি পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷ দুখন জিলাত মুঠ 19 সমষ্টিত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ৷ ইয়াৰ ভিতৰত আছে হাগ্ৰামা মহিলাৰীৰ দেৱৰগাঁও পৰিষদীয় সমষ্টিও ৷ বিজেপি, ইউ পি পি এল, বিপিএফ প্ৰতিটো দলেই দাবী কৰিছে পৰিষদ গঠনৰ ৷ কিন্তু ভোটাৰে কি সিদ্ধান্ত লয় সেয়া জানিব পৰা যাব 12 ডিচেম্বৰত ঘোষিত হ’ব লগীয়া নিৰ্বাচনৰ ফলাফলৰ পাচত ৷

লগতে পঢ়ক:গণ সুৰক্ষা পাৰ্টীৰ বিৰুদ্ধে ৰাজনৈতিক ষড়যন্ত্ৰ চলিছে : নৱ শৰণীয়া

ABOUT THE AUTHOR

...view details