অসম

assam

ETV Bharat / state

দৰিদ্ৰ ছাত্ৰীৰ বাবে অফলাইন পাঠদানৰ ব্যৱস্থা কৰকঃ এবছু - শিক্ষা বিভাগ

চিৰাঙৰ মেধাৱি ছাত্ৰ সুবুংসাৰ নাৰ্জাৰীৰ ঘৰত আজি উপস্থিত হয় এবছুৰ সভাপতি দ্বিপেন বড়ো ৷ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী যিসকলৰ স্মাৰ্ট ফোন নাই তেওঁলোকৰ বাবে অফলাইন পাঠদানৰ ব্যৱস্থা কৰিব লাগে বুলি আহ্বান জনাই সভাপতি গৰাকীয়ে।

Online Class Appeal  ABSU president At Chirang
দৰিদ্ৰ ছাত্ৰীৰ বাবে অফলাইন পাঠদানৰ ব্যৱস্থা কৰক !

By

Published : Jun 28, 2020, 12:00 AM IST

চিৰাং, 27 জুনঃ চিৰাঙত অনলাইন পাঠদানৰ লগতে দৰিদ্ৰ ছাত্ৰীৰ বাবে অফলাইন পাঠদানৰ ব্যৱস্থাৰ দাবী কৰে এবছুৰ সভাপতি দ্বিপেন বড়োই ৷ স্মাৰ্ট ফোন নথকাত অনলাইন পৰীক্ষা দিব নোৱাৰি আত্মহত্যা কৰা চিৰাঙৰ মেধাৱী ছাত্ৰ সুবুংসাৰ নাৰ্জাৰীৰ ঘৰত আজি উপস্থিত হৈ সাংবাদিকৰ আগত কেইবাটাও মন্তব্য কৰে সভাপতি জনে ৷

উল্লেখ্য যে, স্মাৰ্ট ফোন নথকাত অনলাই পৰীক্ষা দিব নোৱাৰি আত্মহত্যা কৰা চিৰাঙৰ মেধাৱী ছাত্ৰ সুবুংসাৰ নাৰ্জাৰীৰ ঘৰত আজি উপস্থিত হয় এবছুৰ সভাপতি দ্বীপেন বড়ো । এবছুৰ এটা সজাতি দলৰ সৈতে বড়োই শোক সন্তপ্ত পৰিয়ালটোৰ সৈতে বাৰ্তালাপ কৰে । দৰিদ্ৰ ঘৰৰ মেধাৱী ছাত্ৰ সুবুংসাৰ নাৰ্জাৰীৰ ঘৰত উপস্থিত হৈ শোক প্ৰকাশ কৰে ছাত্ৰ নেতাজনে ।

দৰিদ্ৰ ছাত্ৰীৰ বাবে অফলাইন পাঠদানৰ ব্যৱস্থা কৰক !

তাৰ পিচতে এবছুৰ সভাপতিজনে কয় যে চিৰাঙৰ টুক্ৰাঝাৰ হায়াৰ ছেকণ্ডাৰীৰ দশম শ্ৰেণীৰ ছাত্ৰ সুবুংসাৰ বসুমতাৰীৰ মৃত্যু অনাকাংক্ষিত । চৰকাৰে লক ডাউনৰ সময়ত অনলাইন পাঠদানৰ ব্যৱস্থা কৰিছে সেয়া ঠিকে আছে । কিন্ত এই অনলাইন পাঠদানত স্মাৰ্টফোন নথকা সকলৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই চৰকাৰে । গতিকে ইতিমধ্যে এই অনলাইন পাঠদানৰ বাবে অসমত এতিয়ালৈ মুঠ চাৰিজন ছাত্ৰ-ছাত্ৰী নিহত হব লগীয়া হল । গতিকে অসমৰ শিক্ষা বিভাগে ইয়াৰ পৰা শিক্ষা লৈ ভৱিষ্যতে যাতে এনে ধৰনৰ ঘটনা নহয় তাৰ বাবে অনলাইন পাঠদানৰ লগে লগে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী যিসকলৰ স্মাৰ্ট ফোন নাই তেওঁলোকৰ বাবে অফলাইন পাঠদানৰ ব্যৱস্থা কৰিব লাগে ।

যাতে ছাত্ৰ-ছাত্ৰী সকলে হীনমন্যতাত ভুগিৱ লবলগীয়া নহয় আৰু এই ধৰনৰ ঘটনাৰ পুনৰাবৃত্তি নহয় অসমত। নৱ প্ৰজন্মৰ এই সকল ছাত্ৰ-ছাত্ৰী দেশৰ ভৱিষ্যৎ গতিকে চৰকাৰে এই সকলক ৰক্ষাৰ দ্বায়িত্ব লব লাগিব । এবছুৰ সভাপতি জনে এই ক্ষেত্ৰত শিক্ষক সকলকো গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায় ।

লগতে পঢ়ক- চুৰি গাড়ী সহ আৰক্ষীৰ জালত বৃহৎ গাড়ী চোৰ চক্ৰ

ABOUT THE AUTHOR

...view details