অসম

assam

By

Published : Dec 7, 2019, 10:56 AM IST

ETV Bharat / state

যোগান মন্ত্ৰীৰ গৃহ সমষ্টিত শতকৰ ঘৰ অতিক্ৰম পিয়াজৰ

যোগান মন্ত্ৰীৰ গৃহ সমষ্টিত পিয়াজৰ মূল্য 120 টকা প্ৰতি কেজি । বহুতেই এৰিলে পিয়াজ কিনা,কিছুমানে আকৌ এশগ্ৰাম,আঢ়ৈশ গ্ৰামকৈ কিনিলে পিয়াজ। শতকৰ ঘৰ অতিক্ৰম পিয়াজৰ ৷ চৰকাৰ নিৰ্বিকাৰ ।

chirang
চিৰাং

চিৰাং, 7 ডিচেম্বৰঃ শনিবাৰে অসম চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষন চৌধুৰীৰ গৃহ সমষ্টী 32 নং বঙাইগাঁও বিধান সভা সমষ্টীৰ অন্তৰ্গত বঙাইগাঁও আৰু চিৰাং জিলাৰ বিভিন্ন বজাৰত পিয়াজৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিলে ৷ জিলাখনৰ বিভিন্ন বজাৰত প্ৰতি কেজি পিয়াজৰ মূল্য 120 টকা বুলি জানিব পৰা গৈছে ৷

চিৰাঙৰ বজাৰ

চিৰাঙৰ ছাপাগুৰি, ঢালিগাঁও, বাসুগাঁও,বৰতালোৱা, কাজলগাঁও, বিজনী আদি ঠাইত আজি প্ৰতি কেজি পিয়াজৰ মূল্য 120 টকা । একেই দাম বঙাইগাঁও জিলাৰ বিভিন্ন বজাৰতো । মুল্যবৃদ্ধিয়ে কোঙা কৰা এই সময়ত যোগান মন্ত্ৰী তথা তেওঁৰ যোগান বিভাগ কুম্ভকৰ্ণৰ নিদ্ৰাত থকা বুলি অভিযোগ কৰে গ্ৰাহক সকলে ৷ গ্ৰাহক সকলৰ অভিযোগ অনুসৰি চৰকাৰে জনসাধাৰনক কেতিয়াবা এনআৰচি, কেতিয়াবা বৃহৎ নদীবান্ধ আকৌ কেতিয়াবা নাগৰিকত্ব সংশোধনি বিধেয়কৰ নামত ব্যস্থ কৰি মূল্যবৃদ্ধি ঘটাইছে । লগতে তেওঁলোকে যোগান মন্ত্ৰীয়ে মূল্যবৃদ্ধি ৰোধ কৰাত বিফল হোৱাৰো অভিযোগ উত্থাপিত কৰিছে ৷

শতকৰ ঘৰ অতিক্ৰম পিয়াজৰ

লগতে পঢ়ক - অসমৰ ছয় জনগোষ্ঠীলৈ অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধীতা এবছুৰ

ABOUT THE AUTHOR

...view details