অসম

assam

ETV Bharat / state

Men Elephant conflict: বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু - বন্যহস্তীৰ আক্ৰমণত এজন লোক মৃত্যু

গোৱালপাৰাৰ লক্ষীপুৰৰ ঘটনাৰ উত্তেজনা মাৰ নাযাওঁতেই এইবাৰ চিৰাঙত পুনৰ বন্যহস্তীৰ আক্ৰমণত এজন লোক মৃত্যু হয়(One man died in Wild Elephant attack)৷ মৃত লোকজন ৪ নং ধৰ্মপুৰ নিবাসী ৰবিৰাম বসুমতাৰী(৮২)৷

One man died in Wild Elephant attack in Chirang
বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

By

Published : Dec 18, 2022, 1:53 PM IST

বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

চিৰাং, 18 ডিচেম্বৰ: ৰাজ্যত অব্যাহত আছে হস্তী মানুহৰ সংঘাত (Men Elephant conflict)৷ গোৱালপাৰাৰ লক্ষীপুৰৰ ঘটনাৰ উত্তেজনা মাৰ নাযাওঁতেই এইবাৰ চিৰাঙত পুনৰ বন্যহস্তীৰ আক্ৰমণত এজন লোক মৃত্যু হয়(One man died in Wild Elephant attack)৷ ৰাজ্যত শেহতীয়াকৈ প্ৰতিদিনেই হাতী মানুহৰ সংঘাতত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে এনে ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈ আহিছে (Men Elephant conflict in Chirang)৷

দেওবাৰে পুৱাই চিৰাঙৰ বিজনীত হস্তী মানুহৰ সংঘাতত এগৰাকী বৃদ্ধ লোকে কৰুণ মৃত্যুক সাৱটি লয় (Old man died in Chirang)৷ মৃত লোকজন ৪ নং ধৰ্মপুৰ নিবাসী ৰবিৰাম বসুমতাৰী(৮২)বুলি জানিব পৰা গৈছে ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ আক্ৰমণত নিহত হয় বৃদ্ধজন ।

উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে অঞ্চলটোত বিগত বহু দিনৰ পৰাই ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ গাওঁখনৰ লোকসকলৰ খেতি বাতি হাতীয়ে খাই তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙিও লণ্ডভণ্ড কৰে হাতীয়ে ৷

নিশা বন্যহস্তীয়ে ৰবিৰাম বসুমতাৰীৰ ঘৰত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰিছিল ৷ হাতীৰ তাণ্ডৱ দেখি হাতী খেদিবলৈকে ঘৰৰ পৰা বাহিৰত ওলোৱাৰ সময়তে তেওঁক বন্যহস্তীয়ে আক্ৰমণ কৰে ৷

হাতীৰ আক্ৰমণৰ পৰা পৰিয়ালৰ আন সদস্যসমূহ কথমপি পলাই সাৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিচতে দেওবাৰে পুৱাৰ ভাগত ঘটনাস্থলীত বল্লমগুৰী আৰক্ষী চকীৰ আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ বৃদ্ধজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহটো ৷

এই ঘটনাৰ পিচতে অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে ৷ বন বিভাগৰ গাফিলতি আৰু বৈদ্যুতিক শ্বৰ্ট লাইনৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷

লগতে পঢ়ক:Road accident at Basistha: নিয়ন্ত্ৰণ হেৰুৱাই ৫০ ফুট তলত বাগৰি পৰিল বাহন, এজন নিহত

ABOUT THE AUTHOR

...view details