অসম

assam

ETV Bharat / state

প্ৰকাশৰ পূৰ্বে এন আৰ চি সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ - Bengoli federation GS reaction on NRC

বহু প্ৰতীক্ষাৰ অন্তত কাইলৈ প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ৷ বিভিন্ন দল সংগঠনৰ লগতে বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷

প্ৰকাশৰ পূৰ্বে এন আৰ চি সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৌ অসম বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ

By

Published : Aug 30, 2019, 7:08 PM IST

চিৰাঙ, 30 আগষ্ট: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ বাবে মাত্ৰ কেইঘন্টামান বাকী থকাৰ পূৰ্বে এন আৰ চি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক সম্ৰাট ভাউৱালে ৷ বঙাইগাঁৱত সাংবাদিকেৰে হোৱা বাৰ্তালাপত বেংগলী সংগঠনটোৰ সাধাৰণ সম্পাদক জনে কয়,"বহুতো ভুল-ভ্ৰান্তিৰ মাজেৰে প্ৰকাশ হ'বলৈ লোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাৰ বাবে আমি অপেক্ষা কৰি আছো"৷

তাৰোপৰি এন আৰ চি সন্দৰ্ভত আন কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় নেতাজনে ৷ শেহতীয়াকৈ নাগৰিকপঞ্জীকলৈ বিভিন্নজনে ৰাজনীতি আৰম্ভ কৰাতো অভিযোগ কৰে সম্ৰাট ভাউৱালে ৷ ৰাজনীতিবিদ সকলে আৰম্ভ কৰা ধৰ্মভিত্তিক বিভাজনৰ ষড়যন্ত্ৰ কৰো বাবে ভাল লক্ষণ নহয় বুলি শেষত তেওঁ উল্লেখ কৰে ৷

এন আৰ চি সন্দৰ্ভত সদৌ অসম বেঙ্গলি যুৱ ছাত্ৰ ফেডেৰেচনৰ সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details