অসম

assam

চিৰাং আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Jan 19, 2020, 1:49 PM IST

গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক ৷ ধৃত যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰাগছ ভৰ্তি 9 টা কণ্টেইনাৰ সহ এটা চিৰিঞ্জ ৷

one-drugs-smuggler-arrested-with-drugs-in-chirang
গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক ৷

চিৰাং , 19 জানুৱাৰীঃ শনিবাৰে নিশা চিৰাং আৰক্ষীয়ে আটক কৰে এজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ চিৰাং জিলাৰ বিজনী মহকুমাৰ আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত আৰু স্থানীয় ৰাইজৰ সহযোগিতাত গোপন তথ্যৰ পম খেদি আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷ শনিবাৰে নিশা চিৰাঙৰ বিজনী ৰে’ল ষ্টেচনৰ শিতলা মন্দিৰৰ সমীপৰ পৰা যুৱক জনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ ধৃত যুৱকজনৰ নাম মাৰবিন আহমেদ(18) ৷ আৰক্ষীয়ে যুৱকজনৰ পৰা ড্ৰাগছ ভৰ্তি 9 টা কণ্টেইনাৰ সহ এটা চিৰিঞ্জ উদ্ধাৰ কৰিছে ৷

ABOUT THE AUTHOR

...view details