চিৰাং, 7 অক্টোবৰ:চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত হাতীপোতা গাঁৱত শুকুৰবাৰে সন্ধিয়া এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়(Road accident in Chirang) ৷ এই দুৰ্ঘটনাত এগৰাকী যুৱতী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় 2 দুগৰাকী যুৱতী । নিহত যুৱতীগৰাকী ৰুনিখাতাৰ ২নং শালবাৰী মোলানডুবি গাঁৱৰ ছুনিমা বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে(One dead in Road accident in Chirang) ৷
সন্ধিয়া প্ৰায় ৭ বজাত যুৱতীগৰাকী ঘৰলৈ যোৱাৰ পথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । এ এছ ২৬ এ-২১১১ নম্বৰৰ পালছাৰ মটৰ চাইকেলখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ মাইল পোষ্টত খুন্দা মাৰে(Bike accident in Chirang) ৷ এই ঘটনাত ছুনিমা বসুমতাৰীৰ মৃত্যু হয় ৷ আনহাতে আহত এগৰাকী যুৱতী তেওঁৰ ভগ্নী বনিমা বসুমতাৰী বুলি জানিব পৰা গৈছে ।