চিৰাং, 21 জুলাইঃ বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পুনৰ সন্ধানহীন হৈছে অসমৰ শ্ৰমিক ৷ বিগত এমাহ ধৰি সন্ধানহীন হৈ আছে চিৰাং জিলাৰ মংলাগাঁৱৰ শান্তিৰঞ্জন বেপাৰী ওৰফে কৃষ্ণ নামৰ লোকজন ৷
কেৰালাত কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ শ্ৰমিক - চিৰাং আৰক্ষী
পুনৰ বহিঃৰাজ্য়ত কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ শ্ৰমিক ৷ পৰিয়ালৰ লোকৰ সন্দেহ লগত যোৱা সতীৰ্থ শ্ৰমিকেই হত্যা কৰিছে লোকজনক ৷ ঢালিগাঁও আৰক্ষীৰ বিৰুদ্ধেও বিষয়টো সন্দৰ্ভত গাফিলতিৰ অভিযোগ উত্থাপন পৰিয়ালৰ লোকৰ ৷
বিগত 30 জুন তাৰিখে মংলাগাঁ আৰু কাজলগাঁৱৰ মুঠ 12গৰাকী শ্ৰমিকসহ কেৰালালৈ বুলি ওলাই গৈছিল কৃষ্ণ ৷ 3 জুলাইত পৰিয়ালৰ সৈতে যোগাযোগ হৈছিল আৰু লগত যোৱা সতীৰ্থ শ্ৰমিকসকলে কৃষ্ণক হত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি জনাইছিল পৰিয়ালক ৷ পৰৱৰ্তী সময়ত কৃষ্ণ নিৰুদ্দেশ হোৱাৰ লগতে কৃষ্ণৰ লগত কাম কৰিব যোৱা 11গৰাকী শ্ৰমিকেই আঘাতপ্ৰাপ্ত অৱস্থাত ঘৰলৈ উভতি আহিছে যদিও কৃষ্ণৰ কোনো সন্ধান নোলোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে পৰিয়ালৰ লোকৰ মাজত ৷ আনহাতে পৰিয়ালৰ লোকে আনকেইগৰাকী শ্ৰমিকৰ সৈতে যোগাযোগ কৰি কৃষ্ণৰ বিষয়ে সোধ-পোছ কৰাত নিল্লুৰ ৰেল ষ্টেচনৰ পৰাই কৃষ্ণ নিৰুদ্দেশ হোৱা বুলি জনাইছে ৷
এনে অৱস্থাত কৃষ্ণৰ দৰিদ্ৰ পৰিয়ালটোৱে বিগত 5 জুলাইতে ঢালিগাঁও থানাৰ অন্তৰ্গত ডাংতল আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷