চিৰাং, 8 জুলাই : এটা কিশোৰী নিৰ্যাতনৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাৰ ঢালিগাঁৱৰ বৰপথাৰ গাঁৱত ৷ গাঁওখনৰ প্ৰসেনজিৎ কুমাৰ বৰ্মন (25) নামৰ যুৱকজনে তেওঁৰ দুগৰাকী পত্নী থকাৰ পাচতো নিজৰ নাম সলাই এগৰাকী 16 বছৰীয়া কিশোৰীক উপৰ্যুপৰি যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ জিলাখনৰ কদমতলি নামৰ ঠাইত যুৱকজনে নিচাযুক্ত ঔষধ খুৱাই কিশোৰীগৰাকীক উপৰ্যুপৰি ধৰ্ষণ (Rape) কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
ভুক্তভোগী কিশোৰীগৰাকীৰ ঘৰ যোগীঘোপা থানাৰ অন্তৰ্গত এখন গাঁৱত বুলি জানিব পৰা গৈছে ৷ ঘটনা পোহৰলৈ অহাৰ পাচতে বুধবাৰে নিশা চিৰাঙৰ ঢালিগাঁও থানা তথা ডাংতল আৰক্ষী চকীৰ অন্তৰ্গত নীলিবাৰীত যুৱকজনক আটক কৰাৰ লগতে কিশোৰীগৰাকীক উদ্ধাৰ কৰে গাঁওবাসীয়ে ৷ ইয়াৰ পাচতে অভিযুক্ত যুৱকজনক চিৰাং আৰক্ষীৰ হাতত গতাই দিয়া হয় ৷