অসম

assam

ETV Bharat / state

হাতী দাঁত আৰু বন্দুকসহ আটক চোৰাং চিকাৰী - বন বিভাগৰ অভিযান

চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়া মতে, বিগত ৫ আগষ্টত জিলা খনৰ ভাৰত-ভূটান সীমান্তৰ লাইমুতি এলেকাৰ জয় বাংলা গাঁৱৰ পৰা দুটা হাতী দাঁতৰ লগতে গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী  জীৱেশ্বৰ বসুমতাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত উত্তম নাৰ্জাৰীক বন্দুকসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

one arrest with gun and elephant tusks
one arrest with gun and elephant tusks

By

Published : Sep 6, 2020, 4:11 AM IST

চিৰাং, 5 ছেপ্টেম্বৰ : চিৰাং জিলাৰ ৰুণীখাটা থানাৰ অধীনৰ লাওপানী আশ্ৰাবাৰী গাঁৱত শনিবাৰে বিয়লি চিৰাঙৰ বন বিভাগে এক অভিযান চলায় এজন চোৰাং চিকাৰীক আটক কৰে ৷ ইয়া লগতে চিকাৰীটোৰ পৰা দুটা হাতী দাঁত আৰু এটা বন্দুক জব্দ কৰে । বন বিভাগৰ অভিযানত ডাফলা ওৰফে উত্তম নাৰ্জাৰী (৩০) নামৰ চোৰাং চিকাৰী জনক গাঁও বাসী ৰাইজৰ সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বন বিভাগে ।

হাতী দাঁত আৰু বন্দুকসহ আটক এজন

চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰিয়ে জানিবলৈ দিয়া মতে, বিগত ৫ আগষ্টত জিলা খনৰ ভাৰত ভূটান সীমান্তৰ লাইমুতি এলেকাৰ জয় বাংলা গাঁৱৰ পৰা দুটা হাতী দাঁতৰ লগতে গ্ৰেপ্তাৰ হোৱা চোৰাং চিকাৰী জীৱেশ্বৰ বসুমতাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত উত্তম নাৰ্জাৰীক বন্দুকসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কিছুদিন পূৰ্বেও চাৰিটাকৈ হাতী দাঁতৰ লগতে দুজনকৈ চোৰাং হাতী দাঁতৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী আৰু বন বিভাগ । শেষতীয়াকৈ চিৰাং জিলাত হাতী দাঁতৰ চোৰাং ব্যৱসায়ীয়ে বাহৰ পাতি লোৱা পৰিলক্ষিত হৈছে । দুদিন পূৰ্বেও জিলাখনৰ ভাৰত-ভূটান সীমান্তত গুলিবিদ্ধ মৃত হাতী উদ্ধাৰ হৈছিল ।

লগতে পঢ়ক :বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক উত্থাপন নোহোৱাৰ কাৰণ কি ?

ABOUT THE AUTHOR

...view details