অসম

assam

ETV Bharat / state

বিটিচিত 40লাখ গছপুলি ৰোপনৰ ঘোষণা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ - Governor of Assam Prof. Jagdish Mukhi

বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বিটিচিত কাজলগাঁৱত উপস্থিত হয় অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী ৷ কাজলগাঁৱস্থিত 15BN SSBৰ কাৰ্যালয়ত উপস্থিত হৈ গছপুলি ৰোপনৰ লগতে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

কাজলগাঁৱত ৰাজ্যপাল জগদীশ মুখী
কাজলগাঁৱত ৰাজ্যপাল জগদীশ মুখী

By

Published : Jun 5, 2020, 5:01 PM IST

কাজলগাঁও, 5 জুন :বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি বিটিচি ভ্ৰমণ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৷ শুকুৰবাৰে চিৰাঙৰ কাজলগাঁৱত উপস্থিত হয় অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী । কাজলগাঁৱস্থিত সশস্ত্ৰ সীমা বলৰ 15নং বেটালিয়নৰ কাৰ্যালয়ত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যপালগৰাকীয়ে ৷

SSBৰ মহাপৰিদৰ্শক পিকে গুপ্তা

বিশ্ব পৰিৱেশ দিৱসৰ লগত সঙ্গতি ৰাখি এছএছবিৰ কাৰ্যালয়ত গছপুলি ৰোপন কৰে ৰাজ্যপাল মুখীয়ে ৷ ৰাজ্যপালগৰাকীয়ে আজি বিটিচি এলেকাত গছপুলি ৰোপন কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে । এই কাৰ্য্যসূচীৰ জৰিয়তে আগন্তুক তিনিমাহৰ ভিতৰত বিটিচি এলেকাৰ চাৰিওখন জিলাত দহ লাখ কৰি মুঠ চল্লিছ লাখ গছপুলি ৰোপন কৰাৰ লক্ষ্য ৰখা হিচাপে হৈছে । আজিৰ এই বিশ্ব পৰিৱেশ দিৱসতে সমগ্ৰ বিটিচি এলেকাত এক লাখ গছপুলি ৰোপন কৰা হ'ব বুলি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে ঘোষণা কৰে ।

বিশ্ব পৰিৱেশ দিৱসত ৰাজ্যপালৰ দ্বাৰা গছপুলি ৰোপন

বিশ্ব পৰিৱেশ দিৱসত অংশগ্ৰহন কৰাৰ পৰৱৰ্তী সময়ত জিলা উপায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ সৈতে আলোচনাত মিলিত হয় ৰাজ্যপালগৰাকী ।

মাননীয় ৰাজ্যপাল অধ্যাপক জগদীশ মুখী

ৰাজ‍্যপালে বিভাগীয় সভাত অংশগ্ৰহনৰ পিচতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হয় ৷ ইয়াৰ উপৰিও বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ মানাস অতিথিশালাত সংবাদ-মাধ‍্যমক সম্বোধন কৰিব ৰাজ‍্যপালে ।

লগতে পঢ়কঃগুৱাহাটী বিমানবন্দৰত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ABOUT THE AUTHOR

...view details