চিৰাং,13 জুন : চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱা, নিলীবাৰী আৰু ডাংতল অঞ্চলত চলন্ত ৰে’লৰ পৰা নিতৌ তেল চুৰি একাংশ দুষ্কৃতিকাৰীৰ ৷ একেদৰে বঙাইগাঁও জিলাৰ বৰপথাৰ গাঁৱতো সংঘটিত হৈ আহিছে চলন্ত ৰে’লৰ পৰা তেল চুৰিৰ ঘটনা ৷ তেল ভৰ্তি ডবা লৈ বঙাইগাঁও শোধনাগাৰ (bongaigaon refinery)ৰ পৰা ওলাই বৰতালোৱা, বৰপথাৰ, নিলীবাৰী আৰু ডাংতল হৈ মূল ৰে’লট্ৰেকলৈ যোৱাৰ সময়চোৱাতে চলন্ত ৰে’লৰ পৰা মুকলিকৈ তেল চুৰি কৰে একাংশ দুস্কৃতিকাৰীয়ে ৷ কিন্তু অতি লক্ষণীয়ভাৱে এই তেলচুৰি কাণ্ডৰ বিষয়ে জানি বুজিও নিমাত বঙাইগাঁও-চিৰাং জিলা প্ৰশাসন ৷ কেৱল নিয়মৰ খাতিৰত মাজে-সময়ে চোৰ বিচাৰি গাঁৱত আৰক্ষীয়ে সন্ত্ৰাস চলোৱাৰ অভিযোগ ৰাইজৰ ৷ ৰে’ল বিভাগে ৰে’লৰ সৈতে নিৰাপত্তাৰক্ষী নিয়োজিত কৰাৰ পিচতো নিতৌ সংঘটিত হোৱা এই তেল চুৰি কাণ্ডত ৰে’ল আৰক্ষী জড়িত থকাৰ সন্দেহ সচেতন ৰাইজৰ ৷
এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বঙাইগাঁও আৰু ঢালিগাঁও থানাত অৱগত কৰাৰ লগতে ৰে’ল আৰক্ষীক অৱগত কৰিছিল যদিও তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সংগঠনটোৰ ৷ নিশাটোৰ ভিতৰতে তেল চুৰি কৰি কেইবা হাজাৰ টকা লাভ কৰা এইসকল তেলচোৰে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্য-কলাপত জড়িত হৈ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ কৰে কৃষক মুক্তিয়ে ৷