অসম

assam

ETV Bharat / state

বঙাইগাঁও শোধনাগাৰত আৱদ্ধ শ-শ টেংকাৰঃ উত্তৰ পূৰ্বাঞ্চলত তেলৰ নাটনিৰ সম্ভাৱনা - বঙাইগাঁও শোধনাগাৰ

বিগত 6 দিনে বঙাইগাঁও শোধনাগাৰৰ পৰা ওলাব পৰা নাই সহস্ৰাধিক তেলৰ টেংকাৰ ৷ এই শোধনাগাৰৰ পৰা অসমৰ বিভিন্ন জিলাৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পেট্ৰ'ল, ডিজেল আৰু কেৰাচিন তেলকে আদি কৰি বিমান চলাচলৰ তেলো যোগান ধৰা হয় ৷

Oil crisis at north east
শোধনাগাৰৰ দৃশ্য

By

Published : Dec 14, 2019, 12:59 PM IST

চিৰাং, 14 ডিচেম্বৰঃ বুধবাৰে ৰাজ্যসভাত বহু বিতৰ্কিত বিধেয়কখন গৃহীত হোৱাৰ পাচৰে পৰা বিগত 6 দিনৰ পৰা ৰাজ্যত ধাৰাৱাহিকভাৱে চলি থকা কে(এ)এ বিৰোধী আন্দোলনে সমগ্ৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলক কোঙা কৰি পেলাইছে ৷ এই অৱস্থাৰ পৰা সাৰি যোৱা নাই তৈল উদ্যোগ সমূহো ৷ বিগত কিছু দিনৰ পৰা বঙাইগাঁও শোধনাগাৰৰ সন্মূখত সহস্ৰাধিক তেলৰ টেংকাৰ ৰৈ থকা পৰিলক্ষিত হৈছে ৷

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত তেলৰ নাটনি

এই শোধনাগাৰৰ পৰা অসমৰ বিভিন্ন জিলাৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পেট্ৰ'ল, ডিজেল আৰু কেৰাচিনকে ধৰি বিমানৰ তেলো যোগান ধৰা হয় ৷ কিন্তু বিগত 6 দিনৰ পৰা ৰাজ্যখনত অব্যাহত থকা পৰিস্থিতিৰ বাবে কোনো এখন তেলৰ টেংকাৰ বঙাইগাঁও শোধনাগাৰৰ পৰা ওলাব পৰা নাই ৷ কিয়নো যিকোনো মুহুৰ্ততেই প্ৰতিবাদকাৰীয়ে তেলৰ টেংকাৰ সমূহৰ ওপৰত আক্ৰমণ কৰাৰ শংকাত ভুগিছে টেংকাৰৰ চালক সকল । ইয়াৰোপৰি এই সকললোক মজদুৰ ইউনিয়নৰ অন্তৰ্গত সেয়ে কে(এ)এ বিৰোধী আন্দোলনত তেওঁলোকৰো নৈতিক সমৰ্থন আছে । ইতিমধ্যে তেল ডিপো সমূহতো তেল নোহোৱা হৈছে । হয়তো এই দৰে থাকিলে দুই এদিনতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত তেলৰ নাটনি দেখিবলৈ পোৱা যাব ।

শোধনাগাৰৰ দৃশ্য

লগতে পঢ়ক - নগাঁৱত ব্যৱসায়ীক প্ৰতিষ্ঠানৰ হৰ্ডিং অসমীয়াত লিখিবলৈ আহ্বান প্ৰতিবাদকাৰীৰ

ABOUT THE AUTHOR

...view details