অসম

assam

ETV Bharat / state

লিগেচীত নাম থকা সত্বেও নাহিল 'এন আৰ চি'ত নাম

নাম নাহিল চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ময়নাল হকৰ পুত্ৰ ছলিমুদ্দিন আলী নামৰ ব্যক্তিজনৰ ৷ পিতৃৰ ১৯৬৬ লিগেছীত নাম থকাৰ লগতে ১৯৬২ চনৰ পৰাই আছে ভূমি পট্টা ৷

লিগেচী নাম থকা সত্বেও নাহিল 'এন আৰ চি'ত নাম

By

Published : Sep 12, 2019, 11:04 AM IST

চিৰাং,12 চেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্তিক লৈ যথেষ্ট বিপাঙত পৰিছে একাংশ লোক ৷ একেটা পৰিয়ালৰে এজন সদস্যৰ নাম অন্তৰ্ভুক্ত হৈ আন এজনৰ নাম বাদ পৰাৰ ঘটনা এতিয়া তেনেই সাধাৰণ হৈ পৰিছে ৷ চিৰাং জিলাৰ পাণবাৰী থানাৰ অন্তৰ্গত ময়নাল হকৰ পুত্ৰ ছলিমুদ্দিন আলী নামৰ ব্যক্তিজনৰ ক্ষেত্ৰতো সংঘটিত হ'ল অনুৰূপ ঘটনা ৷

লিগেচী নাম থকা সত্বেও নাহিল 'এন আৰ চি'ত নাম

প্ৰথম এন আৰ চি খচৰাত নাম প্ৰকাশ নোপোৱাত ব্যক্তিজনে বিচাৰ-খোচাৰ কৰি এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা জানিব পাৰে যে বিদেশী ন্যায়াধীকৰণত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে ৷ কিন্তু গোৱালপাৰা,বঙাইগাঁও,কাজলগাওঁ বিদেশী ন্যায়াধীকৰণত গৈ ব্যক্তিজনে জানিব পাৰে যে তেওঁৰ বিৰুদ্ধে ৰুজু নাই কোনো গোচৰ ৷

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কোনো গোচৰ নথকা সত্বেও এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা বাৰে বাৰে জাননী লাভ কৰাক লৈ ৷ জাননীৰ সহাৰি জনাই শুনানীত উপস্থিত থাকিও এন আৰ চিত নাম অন্তৰ্ভুক্তি নোহোৱাক লৈ হতাশাত ভুগিছে পৰিয়ালটো ৷ ইয়াত কোনো দুষ্ট চক্ৰই এই দৰিদ্ৰ পৰিয়ালটোৰ বিৰুদ্ধে এই কাম কৰি আছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে,তেওঁৰ দেউতাকক ১৯৬৬ লিগেছীত নাম থকাৰ লগতে ১৯৬২ চনৰ পৰাই আছে ভূমি পট্টা ৷

ABOUT THE AUTHOR

...view details