'নিয়া'ৰ মষ্ট ৱান্টেড এনডিএফবি(এছ)ৰ সদস্য গ্ৰেপ্তাৰ
চিৰাং জিলাৰ ৰুনিখাতাত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ এনডিএফবি(এছ)ৰ মষ্ট ৱান্টেড সদস্য ৷ মষ্ট ৱান্টেড সদস্যজন কামাখ্যা দৈমাৰী ওৰফে খৌনছোং ৷
'নিয়া'ৰ মষ্ট ৱান্টেড এনডিএফবি(ছা) ৰ সদস্য গ্ৰেপ্তাৰ
চিৰাং, 9 ছেপ্তেম্বৰ :
- সেনা-আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ এনডিএফবি(এছ) ৰ মষ্ট ৱান্টেড সদস্য
- চিৰাং জিলাৰ ৰুনিখাতাত মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ সদস্যজন
- 2014 চনৰ পৰা আদিবাসী হত্যাৰে জড়িত আছিল দুৰ্ধৰ্ষ সদস্যজন
- ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ (নিয়া)ৰ মষ্ট ৱান্টেড সদস্যজন কামাখ্যা দৈমাৰী ওৰফে খৌনছোং
- 2015 চনৰ আগষ্টত গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল
- কাৰাগাৰৰ পৰা আদালতলৈ নিয়া অৱস্থাত আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিছিল খৌনছোঙে
- ইয়াৰ পাছতে পুনৰ এনডিএফবি(এছ) ত যোগদান কৰি ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ কৰি আহিছিল
- সদস্যজনৰ পৰা এটা পিষ্টল আৰু চাৰিজাই সজীৱ গুলীৰ সৈতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ
- সদস্যজনক সোমবাৰে আদালতত উপস্থিত কৰাই ন্যায়িক জিম্মাত বিচাৰিব আৰক্ষীয়ে
- এই গ্ৰেপ্তাৰৰ পাছতে মোক্ষম আঘাত পৰিল এনডিএফবি(এছ)ৰ চাউনীত