অসম

assam

ETV Bharat / state

Demand for a separate Boroland: বড়ো ভূমিত পুনৰ জনজাতীয় বিদ্ৰোহ; পৃথক বড়োলেণ্ড বিচাৰি BLA ৰ আত্মপ্ৰকাশ - বড়ো লিবাৰেচন আৰ্মী

বড়োভূমিত পুনৰ নতুন সশস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ ৷ বড়ো লিবাৰেচন আৰ্মী নামৰ সশস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ বড়োভূমিত ৷ সাংবাদ মাধ্যমলৈ প্ৰেৰণ প্ৰেছ বিবৃতি ৷

New Militant Outfit Formed in BTR
পৃথক বড়োলেণ্ডৰ দাবী

By

Published : Jun 11, 2023, 7:06 PM IST

Updated : Jun 11, 2023, 9:27 PM IST

বড়ো লিবাৰেচন আৰ্মীৰ আত্মপ্ৰকাশ

চিৰাং, 11 জুন: শান্তিৰ বাতাবৰণ ঘূৰি অহা বড়োভূমিত পুনৰ নতুন সশস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ ৷ বড়ো লিবাৰেচন আৰ্মী নামৰ সশস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশ বড়োভূমিত ৷ এই সন্দৰ্ভত সাংবাদ মাধ্যমলৈ প্ৰেৰণ নতুন সশস্ত্ৰ সংগঠনৰ প্ৰেছ বিবৃতি ৷ পৃথক বড়োলেণ্ডৰ দাবীৰে উত্থান হৈছে এই নতুন সশস্ত্ৰ সংগঠনৰ ৷

সংগঠনৰ সভাপতি বি দৈদেনগ্ৰাৰ নেতৃত্বত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জন্ম লাভ কৰাৰ কথা প্ৰেছ বিবৃতিযোগে জনাইছে সংগঠনটোৱে ৷ এটা বিশেষ সূত্ৰক জনোৱা মতে চলিত মাহৰ 28 তাৰিখে সামাজিক মাধ্যম যোগে পোনপটীয়াকৈ আত্মপ্ৰকাশ কৰিব সংগঠনটোৱে ৷ নতুন সশস্ত্ৰ সংগঠনৰ আত্মপ্ৰকাশৰ খবৰ বিয়পি পৰাৰ লগে লগে বি টি আৰত সৃষ্টি হৈছে চাঞ্চল্যকৰ পৰিৱেশ ৷

ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিচতে সামৰণি পৰাৰ দিশে আগবাঢ়িছিল কেইবা দশক ধৰি চলি অহা সশস্ত্ৰ বড়ো সংগ্ৰামখন ৷ কিয়নো চুক্তিখন স্বাক্ষৰিত হোৱাৰ পিচতেই 30 জানুৱাৰী, 2020 ত এনডিএফবিৰ 1,615 জন সংগ্ৰামীয়ে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ কৰিছিল ৷

বড়োলেণ্ডলৈ শান্তি তথা সুস্থিৰ পৰিৱেশ ঘূৰাই অনাৰ উদ্দেশ্যেৰে 2020 বৰ্ষৰ 27 জানুৱাৰী তাৰিখে ভাৰত চৰকাৰ,অসম চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ নেতৃবৰ্গৰ মাজত ঐতিহাসিক ত্ৰিপাক্ষিক বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল ৷ বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱা কেইদিন মান পূৰ্বে মূল সূঁতিলৈ ঘূৰি আহিছিল এনডিএফ বিৰ চাওৰাগৌৰা গোটৰ সদস্যসকল ৷

কিন্তু বি টি আৰৰ চুক্তিৰ পাচতো বড়োভূমিত কমা নাছিল বিদ্ৰোহৰ অগনি ৷ ইয়াৰ পাছতেই এম বাথাৰ নেতৃত্বত জন্ম হয় NLFB নামৰ বড়ো উগ্ৰপন্থী সংগঠনটোৰ ৷ 2020 চনৰ 27 জানুৱাৰীত তৃতীয়খন বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পূৰ্বে NDFB মূলসুঁতিলৈ ঘূৰি আহিছিল ৷ সেই সময়ত এম বাথাই প্ৰথমে শান্তি চুক্তিৰ বাবে আত্মসমৰ্পণ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ পুনৰ হাতত অস্ত্ৰ তুলি NLFB নামৰ নতুন সংগঠনৰ জৰিয়তে সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত NLFBৰ মুৰব্বী এম বাথাই ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত আত্মসমৰ্পণ কৰিছিল ৷

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত অসমৰ অন্যতম উগ্ৰপন্থী সংগঠন ডিমাছা নেশ্যনেল লিবাৰেচন আৰ্মীয়ে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসম চৰকাৰৰ সৈতে এক শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল ৷ উগ্ৰপন্থী সংগঠনটোৱে MoU ত স্বাক্ষৰ কৰাৰ পাচতেই অমিত শ্বাহে কৈছিল যে, অসমত আৰু এতিয়াৰে পৰা কোনো জনজাতীয় উগ্ৰপন্থী সংগঠন নাই ৷ ইয়াৰ লগে লগে অসমৰ সকলো জনজাতীয় উগ্ৰপন্থী সংগঠন মূলসুঁতিলৈ অৰ্থাৎ শান্তি আলোচনালৈ ঘূৰি আহিছে বুলিও উল্লেখ কৰিছিল শ্বাহে ৷

একেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সুৰত সুৰ মিলাই কৈছিল যে, ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মীৰ সৈতে স্মাৰকপত্ৰত স্বাক্ষৰ হোৱাৰ লগে লগে অৱশেষত জনজাতীয় অঞ্চলত সশস্ত্ৰ আন্দোলনৰ ওৰ পৰিল ৷ বড়ো আৰু কাৰ্বি আংলং অঞ্চলৰ বিদ্ৰোহী গোট আৰু অন্যান্য আদিবাসী বিদ্ৰোহী গোটৰ সৈতে একেধৰণৰ চুক্তি হোৱাৰ পিচত এয়া আন এক সফলতা ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত স্বাধীনতাৰ পাচত প্ৰথমবাৰৰ বাবে জনজাতীয় অঞ্চলত অসম সম্পূৰ্ণ বিদ্ৰোহৰ পৰা মুক্ত হৈছে । বৰ্তমান জনজাতীয় অঞ্চলত এটাও সশস্ত্ৰ গোট নাই ৷ কিন্ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক নস্যাৎ কৰি বড়োভূমিত পৃথক বড়োলেণ্ডৰ দাবীৰে পুনৰ আত্মপ্ৰকাশ হ’ল নতুন সশস্ত্ৰ সংগঠনৰ ৷

লগতে পঢ়ক:Junmoni Rabha Death Update: চিবিআইৰ মুখ্য কাৰ্যালয়লৈ যাব DGP জি পি সিং

Last Updated : Jun 11, 2023, 9:27 PM IST

ABOUT THE AUTHOR

...view details