অসম

assam

ETV Bharat / state

প্ৰৱৰ্তন কৰা হ’ব নতুন শিক্ষানীতিঃ খাম্পা বৰগয়াৰী - টিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী

চিৰাঙত জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে ৷ অনুষ্ঠানত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিৰ বিষয়েও অৱগত কৰে ।

প্ৰৱৰ্তন কৰা হ’ব নতুন শিক্ষানীতিঃ খাম্পা বৰগয়াৰী

By

Published : Nov 13, 2019, 10:19 PM IST

চিৰাং, 13 নৱেম্বৰঃ চিৰাঙত জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়স্থিত নতুনকৈ স্থাপন হ'ব লগা দুটাকৈ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰীয়ে ৷ এই অনুষ্ঠানত বৰগয়াৰীয়ে কয় যে, চিৰাং জিলাৰ বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীতকৈ শিক্ষকৰ সংখ্যা অধিক গতিকে কম দিনৰ ভিতৰত যদি এইসমূহ সমস্যাৰ সমাধান নহয় তেন্তে সেইসমূহ বিদ্যালয় বন্ধ কৰা হ’ব । তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিৰ বিষয়েও অৱগত কৰে ।

প্ৰৱৰ্তন কৰা হ’ব নতুন শিক্ষানীতিঃ খাম্পা বৰগয়াৰী

ইয়োৰোপৰি আগন্তুক 2020 চনৰ পৰা মেট্ৰিক পৰীক্ষাৰ অন্ত পৰিব বুলি উল্লেখ কৰি শিক্ষাৰ ক্ষেত্ৰত হ’ব পৰা বহু সাল-সলনিৰ কথাও অৱগত কৰে বৰগয়াৰীয়ে । লগতে মাতৃভাষা মাধ্যম সন্দৰ্ভত কয় যে, এতিয়া বহিঃ বিশ্বৰ সৈতে ফেৰ মাৰিবলৈ মাতৃভাষাৰ মাধ্যম অষ্টম শ্ৰেণীতে সমাপ্ত কৰি ইংৰাজীত পাঠ্যক্ৰমসমূহ দিয়াৰ কথাও চিন্তা-চৰ্চা কৰা হৈছে।

আৰু পঢ়কঃ জোঁৱায়েকৰ আক্ৰমণত নিহত শাহুৱেকঃ উত্তপ্ত কুমাৰীকাটা থানা চৌহদ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details