অসম

assam

ETV Bharat / state

বিজনীত উপস্থিত নেপালৰ কোচ ৰাজবংশী পৰ্যটক - বিজনীত উপস্থিত নেপালৰ কোচ ৰাজবংশী পৰ্যটক

ঐতিহাসিক বিজনী ৰাজ্যৰ ৰজা বিজিত নাৰায়নে স্থাপন কৰা ঐতিহ্যমণ্ডিত বিজনীৰ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ দৰ্শন কৰি নেপালৰ ৰাজবংশী সমাজ বিকাশ কমিটী নামৰ সংস্থাটোৰ পৰ্যটকসকলে কোচ ৰাজবংশী জনগোষ্ঠী,কোচৰজাৰ ইতিহাস আৰু কোচ ৰজাই স্থাপন কৰি যোৱা কীৰ্তি চিহ্ন সমূহ দৰ্শন আৰু অধ্যয়ন কৰাৰ বাবে এই যাত্ৰা কৰিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

বিজনীত উপস্থিত নেপালৰ কোচ ৰাজবংশী পৰ্যটক

By

Published : Oct 16, 2019, 11:53 PM IST

চিৰাং, ১৬ অক্টোবৰঃঐতিহাসিক শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ দৰ্শনৰ উদ্দেশ্যে চিৰাঙৰ বিজনীত উপস্থিত হয় নেপালৰ কোচৰাজবংশী পৰ্যটকৰ এটা দল ৷ প্ৰাচীন কোচ ৰজাৰ কীৰ্তি চিহ্ন সমূহ দৰ্শন কৰিবলৈ অসমলৈ আহিছে দলটোৰ । চিৰাং জিলাৰ সদৰ কাজলগাঁওত মন্ত্ৰী চন্দন ব্ৰহ্মই বুধবাৰে উদ্ধোধন কৰ ঐতিহাসিক মন্দিৰটোত অনুষ্ঠিত হোৱা মেলাখন ৷ নেপালৰ পৰা অহা কোচৰাজবংশী পৰ্যটকৰ দলটোৱে মঙলবাৰে নিশা ঐতিহাসিক বিজনী চহৰৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী লক্ষী মন্দিৰ দৰ্শন কৰাৰ লগতে মেলা মহোৎসৱ পৰিদৰ্শন কৰে । দুদিন পূৰ্বে নেপালৰ পৰা অহা ১৬ জনীয়া কোচ ৰাজবংশী পৰ্যটকৰ দলটোৱে কোচ ৰজাই স্থাপন কৰা পশ্চিমবংগৰ কোচ বিহাৰৰ ৰাজবাৰী,অসমৰ বগৰিবাৰীৰ মহামায়া পীঠ,কোকৰাঝাৰৰ পাগলাটেক আদি কীৰ্তি চিহ্ন সমূহ দৰ্শন কৰি আহি বিজনী চহৰত উপস্থিত হয় ।

বিজনীত উপস্থিত নেপালৰ কোচ ৰাজবংশী পৰ্যটক

ঐতিহাসিক বিজনী ৰাজ্যৰ ৰজা বিজিত নাৰায়নে স্থাপন কৰা ঐতিহ্যমণ্ডিত বিজনীৰ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ দৰ্শন কৰি নেপালৰ ৰাজবংশী সমাজ বিকাশ কমিটী নামৰ সংস্থাটোৰ পৰ্যটকসকলে কোচৰাজবংশী জনগোষ্ঠী,কোচৰজাৰ ইতিহাস আৰু কোচ ৰজাই স্থাপন কৰি যোৱা কীৰ্তি চিহ্ন সমূহ দৰ্শন আৰু অধ্যয়ন কৰাৰ বাবে এই যাত্ৰা কৰিছে বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে । দলটোৱে বিজনীৰ পৰা পৰৱৰ্তী সময়ত মেঘালয়লৈ ভ্ৰমণ কৰিব বুলি প্ৰকাশ কৰে৷

বিজনীত উপস্থিত নেপালৰ কোচ ৰাজবংশী পৰ্যটক

ইপিনে আজি চিৰাং জিলা সদৰ কাজলগাঁওতো ৫৮ সংখ্যক লক্ষ্মী মেলাৰ শুভ উদ্ধোধন কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই । এই মেলাই অঞ্চলটোৰ জনসাধাৰণৰ মাজত ভাতৃত্ববোধ বৃদ্ধি কৰাৰ লগতে আৰ্থিক দিশতো উন্নয়ন আনিব বুলি কয় মন্ত্ৰীজনে । উল্লেখ্য যে চিৰাং জিলাৰ কাজলগাঁও আৰু বিজনীত ১২ দিনীয়া এই লক্ষ্মী পূজাৰ মেলাই জিলাখনলৈ সকলো জাতি,ধৰ্ম তথা জনগোষ্ঠীৰ লোকৰ মাজত ভাতৃত্ব বোধৰ সৃষ্টি কৰিব বুলি আশা কৰিছে সকলোৱে ।

ABOUT THE AUTHOR

...view details