কোকৰাঝাৰ,17 জানুৱাৰীঃকেন্দ্ৰৰ সৈতে যুদ্ধ বিৰতিৰ চুক্তিত স্বাক্ষৰ বিদ্ৰোহী সংগঠন এনডিএফবি (এছ)ৰ চাওৰাইগৌৰা গোটে ৷ বৃহস্পতিবাৰে বি চাওৰাইগৌৰাৰ নেতৃত্বত নতুন দিল্লীত কেন্দ্ৰ চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বুজাপৰা চুক্তিত স্বাক্ষৰ কৰে গোটটোৱে ৷ চুক্তিখনত স্বাক্ষৰ কৰিছে অসমৰ গৃহ আৰু ৰাজনীতি বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী,গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) সত্যেন্দ্ৰ গাৰ্গ আৰু এনডিএফবি(এছ)ৰ সভাপতি বি চাওৰাইগৌৰাই ৷ চুক্তি স্বাক্ষৰ কালত এনডিএফবি (এছ)ৰ সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা আৰু দুজন মধ্যস্থতাকাৰী ক্ৰমে নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ সঞ্চালক ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ আৰু আৰু কাৰ্যবাহী সঞ্চালক থুলুংগা বসুমতাৰী উপস্থিত থাকে ৷
গোটটোৱে মূলসুঁতিলৈ উভতি আহি হিংসা পৰিহাৰ কৰাৰ লগতে বড়ো সংগঠনসমূহৰ সৈতে শান্তি প্ৰক্ৰিয়াত মিলিত হ'বলৈ আনুষ্ঠানিকভাৱে সন্মতি প্ৰদান কৰিছে ৷ এক প্ৰতিবেদন অনুসৰি গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে শান্তি চুক্তিৰ খচৰা প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ শিবিৰ এৰি এনডিএফবি (এছ)ৰ চাওৰাইগৌৰা গোটৰ এটি ৫০ জনীয়া দল মূলসুঁতিলৈ ঘূৰি আহিছে বুলি বাতৰি প্ৰকাশ পাইছিল ৷ এই চাওৰাইগৌৰা গোটটো হৈছে আলোচনাৰ বাবে সন্মত হোৱা সংগঠনটোৰ তৃতীয়টো গোট ৷