অসম

assam

ETV Bharat / state

চিৰাং জিলাত উদ্ধাৰ NDFB (S) ৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ - বিজনী মহকুমা

পুতি থোৱা অৱস্থাত উদ্ধাৰ ৮ টাকৈ পেকেট ৷ পেকেটত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ ৷ 17 কেজি বিস্ফোৰক সহ উদ্ধাৰ বহু কূটাঘাতমূলক সামগ্ৰী ৷

চিৰাং জিলাত উদ্ধাৰ NDFB (S) ৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

By

Published : Sep 24, 2019, 8:59 PM IST

চিৰাং, 24 ছেপ্টেম্বৰঃ চিৰাং জিলাৰ পানবাৰী থানাৰ অন্তৰ্গত গাভৰু খুন্তাত সেনা-আৰক্ষী আৰু এচএচবিৰ যুটীয়া অভিযানত বৃহৎ সাফল্য ৷ পুতি থোৱা অৱস্থাত উদ্ধাৰ এন ডি এফ বি (ছা) ৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ । মঙলবাৰে জিলাখনৰ গাভৰুখুন্দাৰ সংৰক্ষিত বনাঞ্চলত পুতি থোৱা এই বৃহৎ সংখ্যক অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰা হয় ৷

চিৰাং জিলাৰ বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত চলা যৌথ অভিযানত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ পঞ্চম গাৰৱাল ৰাইফল আৰু এচ এচ বিৰ 54 নম্বৰ বেটেলিয়নৰ জোৱান সকলে ধাৰাবাহিক ভাৱে সোমবাৰে আবেলি ৫ বজাৰ পৰাই যৌথ অভিযান চলায় ৷

পানবাৰী থানাৰ পৰা 18 কি:মি: উত্তৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পানবাৰী সংৰক্ষিত বনাঞ্চলৰ গাভৰুখুন্দাত বিশেষ তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত সেনাৰ তদন্তকাৰী কুকুৰৰ সহায়ত বহু ঠাইত গাত খান্দি মঙলবাৰে পুৱতি নিশা প্ৰায় 5.30 মান বজাত মুঠ 8 টা পুতি থোৱা পেকেট সমুহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

চিৰাং জিলাত উদ্ধাৰ NDFB (S) ৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

অভিযানত উদ্ধাৰ হোৱা পেকেট সমূহত আছিল বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ ৷

উদ্ধাৰ সামগ্ৰী সমূহ ক্ৰমে-

  • কোম্পানীত বনোৱা 9 টা ৰাইফল
  • হস্তনিৰ্মিত ৰাইফল 11 টা
  • 7.62 জাই সজীৱ গুলী
  • 56 জাই একে চিৰিজৰ গুলী
  • 10 জাই 5.65 সজীৱ গুলী
  • 21 জাই 7.62 স্নাইপাৰ গুলী
  • 10 জাই 7.62 পিকা গুলী
  • 29 জাই 7.62 চিটিএন
  • 1 টা 333 নাইট্ৰো
  • 1 জাই এম 20ৰ গুলী
  • 5 জাই হস্তনিৰ্মিত গুলী
  • খালী কাৰ্টজ 83 টা
  • 15 টা মেগজিন
  • 17 কেজিৰ বিস্ফোৰক
  • চীনত নিৰ্মিত ৱাকি ট’কী দুটা
  • 12 ভল্টৰ এটা বেটেৰী
  • 93 ফুটৰ জিলেটিন
  • সন্দেহজনক বোমা বনোৱা বেল 10 টা
  • এটা বেৰেল

সেনা-আৰক্ষীয়ে প্ৰকাশ কৰা মতে, জব্দকৃত সামগ্ৰী সমূহ এন ডি এফ বি (ছা) গোটৰ বুলি আৰক্ষীয়ে নিশ্চিত কৰে । নিশ্চিত ভাৱে সেনা আৰক্ষীৰ এই বৃহৎ সাফল্য বিদ্ৰোহী সংগঠন এন ডি এফ বি(ছা)ৰ বাবে মোক্ষম আঘাত ।

ABOUT THE AUTHOR

...view details