অসম

assam

ETV Bharat / state

সেনা-আৰক্ষীৰ অভিযানত ধৃত এন ডি এফবি(এছ) কেডাৰ

সেনা-আৰক্ষীৰ যুটীয়া অভিযানত মঙলবাৰে চিৰাং জিলাৰ পৰা গ্ৰেপ্তাৰ হয় এগৰাকী এনডিএফবি (এছ) কেডাৰ ৷ জিলাখনৰ পানবাৰী অঞ্চলৰ পৰা অস্ত্ৰসহ গ্ৰেপ্তাৰ হয় বানেৰু বসুমতাৰী নামৰ সদস্যজন ৷

সেনা-আৰক্ষীৰ অভিযানত ধৃত এন ডি এফবি(এছ) কেডাৰ

By

Published : Oct 15, 2019, 5:11 PM IST

চিৰাং, 15 অক্টোবৰঃৰাজ্যত সেনা-আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হয় বিদ্ৰোহী সদস্য ৷ চিৰাং জিলাৰ পানবাৰী অঞ্চলৰ পৰা সেনা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে এগৰাকী এনডিএফবি(এছ)ৰ কেডাৰ ৷

চিৰাঙত গ্ৰেপ্তাৰ হোৱা এনডিএফবি(এছ) সদস্যজন

লগতে পঢ়কঃ চিৰাঙৰ দৈমুগুৰিত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ NDFB সদস্য ৰাজু ব্ৰহ্ম

চিৰাং জিলাৰ বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি আৰু পানবাৰী চক্ৰ আৰক্ষী বিষয়া ৰফিকুল হাছান চৌধুৰীৰ নেতৃত্বত চলিছিল এই অভিযান ৷ ভাৰতীয় সেনাৰ ৰেডহৰ্ণ ডিভিজনৰ অধীনস্থ গাড়ৱাল ৰাইফলছ আৰু চিআৰপিএফৰ লগতে চিৰাং আৰক্ষীৰ এটা যৌথ দলে চলাইছিল অভিযান ৷ সোমবাৰে নিশা জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ পানবাৰী অঞ্চলৰ দৈমুগুৰিৰ নিজা বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ হয় বানেৰু বসুমতাৰী নামৰ বিদ্ৰোহী সদস্যগৰাকী ৷

অভিযানকাৰী দলটোৱে বানেৰু বসুমতাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে মাটিৰ তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে বিদেশত নিৰ্মিত এটা এচবিবিএল (একনলীয়া বন্দুক) ৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নিষিদ্ধ বিদ্ৰোহী সংগঠন এনডিএফবি (সংবিজিত) গোটৰ এগৰাকী লিংকমেন হিচাপে কাম কৰি আহিছিল ছবিন বসুমতাৰীৰ পুত্ৰ বানেৰু বসুমতাৰীয়ে ৷

লগতে পঢ়কঃ চিৰাং জিলাত উদ্ধাৰ NDFB (S) ৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ

উল্লেখ্য যে, বিগত সময়চোৱাত চিৰাং জিলাত বিদ্ৰোহী বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে সেনা আৰু আৰক্ষীয়ে ৷ যোৱা দুদিন পূৰ্বেও সেনা আৰক্ষীৰ যৌথ অভিযানত ৰাজু ব্ৰহ্ম নামৰ এজন লোক মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হৈছিল । ইয়াৰ পূৰ্বেও বিশেষ তথ্যৰ ভিত্তিত মাটিত পুতি থোৱা অৱস্থাত বৃহৎ সংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল সেনা-আৰক্ষীৰ দলে ।

ABOUT THE AUTHOR

...view details