অসম

assam

ETV Bharat / state

চিৰাঙত আৰক্ষীৰ জালত নিষিদ্ধ সংগঠনৰ লিংকমেন

চিৰাং জিলাৰ ৰুনিখাতা থানাৰ বেংতল আৰক্ষী চকীৰ অন্তৰ্গত বেংতলৰ আই নদীৰ পাৰত সেনা-আৰক্ষীৰ যৌথ অভিযানত মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ দুই এন ডি এফ বি (স্বা)ৰ লিংকমেন ৷ গ্ৰেপ্তাৰ হোৱা সদস্য দুজন ৰুনিখাতা শান্তিপাৰাৰ ছানছুমা মুচাহাৰী আৰু ৰুনিখাতা বিশপানীৰ পেট্ৰুচ নাৰ্জাৰী ৷

NDFB (I) two linkman arrested in Chirang
চিৰাঙত আৰক্ষীৰ জালত নিষিদ্ধ সংগঠনৰ লিংকমেন

By

Published : Jan 2, 2020, 7:05 PM IST

চিৰাং, 2 জানুৱাৰীঃ সেনা-আৰক্ষীৰ যৌথ অভিযানত চিৰাং জিলাৰ ৰুনিখাতা থানাৰ বেংতল আৰক্ষী চকীৰ অন্তৰ্গত বেংতলৰ আই নদীৰ পাৰত মাৰনাস্ত্ৰ সহ গ্ৰেপ্তাৰ দুই এন ডি এফ বি (স্বা)ৰ লিংকমেন ৷ পহিলা জানুৱাৰীৰ নিশা চলা অভিযানত দুই সন্দেহজনক লোকক আটক কৰাৰ পিচতে তেওঁলোকক তালাচী চলোৱাত উদ্ধাৰ হয় ইংলেণ্ডত নিৰ্মিত এটা পিষ্টল সহ চাৰিজাই সঁজীৱ গুলি ৷ পৰৱৰ্তী সময়ত লোক দুজনক আৰক্ষীয়ে অধিক সোধপোচ কৰাৰ পাছতে নিষিদ্ধ উগ্ৰপন্থী সংগঠন এনডিএফবিৰ সদস্য বুলি স্বীকাৰ কৰে লোক দুজনে ৷

চিৰাঙত আৰক্ষীৰ জালত নিষিদ্ধ সংগঠনৰ লিংকমেন
চিৰাঙত আৰক্ষীৰ জালত নিষিদ্ধ সংগঠনৰ লিংকমেন
চিৰাঙত আৰক্ষীৰ জালত নিষিদ্ধ সংগঠনৰ লিংকমেন

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি গ্ৰেপ্তাৰ হোৱা সদস্য দুজন ক্ৰমে ৰুনিখাতা শান্তিপাৰাৰ ছানছুমা মুচাহাৰী আৰু ৰুনিখাতা বিশপানীৰ পেট্ৰুচ নাৰ্জাৰী ৷ উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ বিৰুদ্ধে ৰুনিখাতা থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনৰ ধাৰা 120B, 121/122/384 ত গোচৰ পঞ্জীয়ন হোৱাৰ লগতে বেআইনীভাৱে মাৰনাস্ত্ৰ ৰখাৰ বাবে সংযুক্ত ধাৰা ১০/১৩,২৫ (1B) অধীনত ৰুজু হৈছে গোচৰ ৷ দুয়োজন লোকেই উগ্ৰপন্থী সংগঠনটোৰ হৈ কাম কৰিছিল বুলিয়ো প্ৰকাশ কৰে ৷

চিৰাঙত আৰক্ষীৰ জালত নিষিদ্ধ সংগঠনৰ লিংকমেন

উল্লেখ্যনীয় যে চিৰাঙত চলি থকা দৈজিং উৎসৱ আৰু ইয়ালৈ অহা বিভিন্ন নেতা-মন্ত্ৰী আদিৰ লগতে নৱবৰ্ষৰ বিভিন্ন অনুষ্ঠানৰ বাবে জিলাখনত কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছিল আৰক্ষীয়ে । অহা পাঁচ জানুৱাৰীত দৈজিং উৎসৱ ভ্ৰমন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইয়াৰ পূৰ্বেই এনেদৰে মৰাণাস্ত্ৰ সহ নিষিদ্ধ সংগঠনৰ লিংকমেন গ্ৰেপ্তাৰৰ ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷

লগতে পঢ়ক: ত্ৰিপুৰা আৰক্ষীৰ অভিযানত আটক তিনি দুধৰ্ষ উগ্ৰপন্থী

For All Latest Updates

ABOUT THE AUTHOR

...view details